যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আজিও ৰাছিয়াৰ আক্ৰমণ অব্যাহত আছে৷ ৰাছিয়াৰ আক্ৰমণক শক্তিশালীভাৱে নিজ দেশৰ সৈন্যই প্ৰতিৰোধ কৰিবলৈ সন্মুখৰ পৰাই নেতৃত্ব প্ৰদান কৰিছে যুদ্ধবিধ্বস্ত দেশখনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে৷
এক ভিডিঅ’ বাৰ্তাত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছিল যে ৰাছিয়াৰ প্ৰথম লক্ষ্য হৈছে তেওঁ আৰু দ্বিতীয় লক্ষ্য হৈছে তেওঁৰ পৰিয়াল৷ ৰাছিয়াই জেলেনস্কি আৰু তেওঁৰ পৰিয়ালক লক্ষ্য কৰি ইউক্ৰেইনক নেতৃত্বহীন কৰিব বিচাৰিছে বুলিও অভিযোগ কৰিছে৷
লগতে পঢ়ক শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম
ইয়াৰ পিছেত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিৰ পত্নীয়েও সামাজিক মাধ্যমত অতি ভাবুক প’ষ্ট শ্বেয়াৰ কৰিছে৷
ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডী জেলেনস্কিৰ পত্নী ওলেনা জেলেনস্কাই প্ৰথমবাৰলৈ এটা পোষ্ট শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত নিজৰ দেশ আৰু স্বামীৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে৷
যুদ্ধ বিধ্বস্ত কীয়েভৰ এক বাংকাৰত জন্ম লাভ কৰা এটি কন্যা শিশুৰ ছবি নিজা ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰি জেলেনস্কাই লিখিছে ‘এই নৱজাতকটি কীয়েভৰ এটা বোমাবিৰোধী বাংকাৰত জন্ম লাভ কৰিছে৷’
লগতে পঢ়ক Mahashivratri 2022 : মহাশিৱৰাত্ৰিত কি কি কৰিলে শিৱৰ কৃপা পাব?
ইয়াৰ লগতে জেলেনস্কাই লিখিছে, ‘‘তেওঁ সম্পূৰ্ণ বেলেগ পৰিস্থিতিত শান্তিপূৰ্ণ পৰিৱেশত জন্ম গ্ৰহণ কৰিব লাগিছিল আৰু কেৱল এক শান্ত পৰিৱেশেহে এই শিশুসকলক দেখা উচিত আছিল।’’
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ২০০৩ চনত ওলেনাক বিয়া কৰাইছিল আৰু তেওঁলোকৰ দুটি সন্তান আছে। ওলেনাই লিংগ সমতাৰ দৰে সামাজিক বিষয়ত সবলভাৱে মাত মাতি আহিছে আৰু তেওঁ কূটনৈতিক কাম কাযতো অংশগ্ৰহণ কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ