এক লোমহৰ্ষক তথা জঘন্য হত্যাকাণ্ড পোহৰলৈ আহিছে৷ শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নিজৰ মাতৃয়ে পৰকীয়া প্ৰেমিক আৰু কণিষ্ঠ পুত্ৰৰ সৈতে মিলি বৰপুত্ৰক হত্যা কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত মাতৃ আৰু কণিষ্ঠ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে৷
ঘটনাৰ বিৱৰণী অনুসৰি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ মোদী নগৰৰ অনুজ কুমাৰ ওৰফে সমৰ(২৭) যোৱা ১৮ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল৷ কে’বাদিনো ধৰি ঘৰলৈ নহাত সমৰ পত্নী অঞ্জলিয়ে যোৱা ২১ জুলাইত স্থানীয় আৰক্ষী থানাত স্বামী নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে৷
প্ৰায় এটা পষেক পাৰ হৈ যোৱাৰ পিছত যোৱা ৩ জুলাইত অঞ্জলিৰ ভাতৃয়ে আৰক্ষীক খবৰ দিয়ে যে এটা মন্দিৰৰ পিছফালে নিৰুদ্দেশ হৈ থকা সমৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷
লগতে পঢ়ক ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?
সমৰৰ মৃতদেহ উদ্ধাৰ পিছতে পত্নী অঞ্জলিয়ে শাহুৱেক কৃষ্ণা দেৱী, কৃষ্ণা দেৱীৰ পৰকীয়া প্ৰেমিক দেৱেন্দ্ৰ আৰু কণিষ্ঠ পুত্ৰ অভিষেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰ ভিত্তিতে আৰক্ষীয়ে মৃত সমৰৰ মাতৃ কৃষ্ণা দেৱী আৰু কণিষ্ঠ ভাতৃ অভিষেক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷
ইফালে কৃষ্ণাৰ পৰকীয়া প্ৰেমিক দেৱেন্দ্ৰ এতিয়াও পলাতক হৈ আছে৷ আৰক্ষীয়ে অভিযুক্ত দেৱেন্দ্ৰৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে৷
লগতে পঢ়ক CWG 2022ত স্তব্ধ গতি! ২০০ মিটাৰ দৌৰত ছেমিৰ পৰাই বাহিৰ ধিং এক্সপ্ৰেছ হিমা
জিলা আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে ধৃত কৃষ্ণাই জেৰাত দেৱেন্দ্ৰৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে৷ আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া মতে কৃষ্ণাই বৰপুত্ৰ সমৰ আৰু অঞ্জলিৰ প্ৰেমৰ সম্পৰ্ক স্বীকাৰ কৰি ল’ব পৰা নাছিল আৰু তেওঁলোকে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতে সেয়ে নিজ বৰপুত্ৰক হত্যা কৰাৰ পৰিকল্পনা কৰে৷
সেই পৰিকল্পনা অনুসৰিয়ে মাতৃ কৃষ্ণা দেৱীয়ে পৰকীয়া প্ৰেমিক দেৱেন্দ্ৰ আৰু কণিষ্ঠ পুত্ৰৰ সহায়ত বৰপুত্ৰ সমৰক ডিঙি চেপি হত্যা কৰি মন্দিৰৰ পিছফালে পেলাই থৈ আহিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ