• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিচালকৰ পৈণত ফচল ‘উপসৰ্গ’

পৰিচালকৰ পৈণত ফচল ‘উপসৰ্গ’

4 years ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

22 minutes ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

50 minutes ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

3 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

4 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

5 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

5 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

6 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

7 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

8 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পৰিচালকৰ পৈণত ফচল ‘উপসৰ্গ’

editor by editor
August 6, 2022
in অসম, চিনেমা
0
পৰিচালকৰ পৈণত ফচল ‘উপসৰ্গ’
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিম্লী বৰকটকীঃ উপসৰ্গ-অৰ্থাৎ কোনো এক ব্যাধি বা ৰোগৰ লক্ষণ। চিনেমাখনৰ নামটো প্ৰতীকী। ইয়াত কোনো শাৰীৰিক ৰোগৰ লক্ষণ বা উপসৰ্গৰ বিষয়ে ক’বলৈ যোৱা হোৱা নাই। অ, আন এক গম্ভীৰ ৰোগৰ উপসৰ্গ বা লক্ষণৰ বিষয়ে ক’বলৈ যোৱা হৈছে। আৰু সেয়া আন একো নহয়, আপোনাৰ-মোৰ, সবাৰে অতিকে প্ৰয়োজনীয় টকাৰ প্ৰয়োজনৰ বিষয়ে।

টকা-পইচাৰ প্ৰয়োজন, তাগিদা বা অভাৱত সাধাৰণতে এজন সাধাৰণ শ্ৰেণীৰ, অভাৱগ্ৰস্ত মানুহ কি পৰ্যায়লৈকে যাব পাৰে, তাৰেই এক খুব সাধাৰণ তথা স্বাভাৱিক ঘটনাৰাজিক চেলুলয়ডৰ পৰ্দাত তুলি ধৰিছে পৰিচালক কংকন ডেকাই। চিনেমাৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ কংকন ডেকাৰেই। যোৱা ২৯ জুলাইত মুক্তিপ্ৰাপ্ত পৰিচালক কংকন ডেকাৰ দ্বিতীয়খন ছবি বৰ্তমান অসমৰ প্ৰায়বোৰ চিত্ৰগৃহতেই মক্তি দিয়া হয়।

আৰম্ভণিতে উল্লেখ কৰা হৈছেই— চিনেমাৰ কাহিনী মূলতঃ টকা-পইচা বা অৰ্থকেন্দ্ৰিক। পিছে অৰ্থৰ অভাৱত বা অৰ্থৰ বাবে যিকোনো ধৰণৰ কাম কৰিবলৈ এজন মানুহ কেতিয়া আৰু কেনে স্থিতিত আগবাঢ়ে, ইয়াৰ অন্তৰালৰ কথা বা কাহিনীহে চিনেমাৰ মূল উপজীব্য। কথিত ভাষাৰ প্ৰয়োগ কৰি ছবি নিৰ্মাণ, ই নতুন কথা নহয়। উপসৰ্গতো সম্পূৰ্ণৰূপে দৰঙীয়াল ভাষাৰ ব্যৱহাৰ কৰা হৈছে।

লগতে পঢ়ক নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?

পিছে, মন কৰিব লগা বা উল্লেখনীয় কথা হ’ল যে এই ভাষাৰ ব্যৱহাৰ, অভিনেতা-অভিনেত্ৰীৰ ওপৰত জাপি দিয়াবিধৰ মুঠেও নহয়, অৰ্থাৎ স্থানীয় ভাষাটিৰ ব্যৱহাৰৰে ভিন্নতা অনাৰ নামত ইয়াৰ উপলুঙা কৰা হোৱা নাই। দৰঙীয়াল ভাষাৰূপেই সম্পূৰ্ণ সাৱলীলতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে পৰিচালক।

দুখৰীয়া ছবিৰ খণ্ডচিত্ৰৰে চিনেমাৰ আৰম্ভণি। অসমৰ অন্তৰ্ৱৰ্তী গাঁও এখন বুলিলে, কৃত্ৰিমতাহীন বা যান্ত্ৰিকতাৰ পৰশ নথকা যি নিভাঁজ ৰূপ মনলৈ আহে, ঠিক তেনে এখন ছবিয়েই দেখিবলৈ পাব প্ৰায় সমগ্ৰ চিনেমাখনতেই। ওজাপালিৰ লগতে বেণ্ড পাৰ্টিৰ উপস্থাপনো সময়-সাপেক্ষে চিনেমাৰ মুখ্য চৰিত্ৰ দুটিৰ লগত সংগতি ৰাখি কৰা হৈছে। চিনেমাই নিজস্ব সৰল আৰু সুস্থিৰ গতিত আগবাঢ়ে। কোনো লৰালৰি, উত্তেজনা বা নাটকীয়তাৰ প্ৰয়োগ নাই। প্ৰথমাৰ্দ্ধৰ শেষভাগৰ পৰা মৃদু এক উৎকন্ঠাৰ আভাষ আছে, যদিওবা চিনেমাৰ গতিশীলতা পূৰ্বে উল্লেখ কৰাৰ দৰেই আছে। মুঠতে চিনেমাখনত সামগ্ৰিক যি ট্ৰিটমেন্ট দিয়া হৈছে, সেয়া সম্পূৰ্ণ নিভাঁজ, যাৰফলত ঘটনাপ্ৰবাহ, দৃশ্যাংশ, মানুহৰ আচৰণ-অভিব্যক্তি-সকলোতে স্বাভাৱিকতা অটুট আছে।

উপসৰ্গৰ ই এক প্ৰলেপবিহীন সৌন্দৰ্য। মুঠতে চিনেমাৰ গতিৰ সৈতে চৰিত্ৰ আৰু ঘটনাৱলীৰ গ্ৰহণযোগ্যতা স্বকীয়ভাৱে আহি পৰে। চিত্ৰনাট্য এখন লিখোতে এটি দৃশ্যাংশৰ পৰা আন এটি দৃশ্যাংশলৈ যাওতে(shot to-cut to) সম্পূৰ্ণ সংগতিপূৰ্ণ আৰু আকৰ্ষণীয় ৰূপত গতি কৰাৰ কেইবাটাও শ্বট আছে। যেনে এটি দৃশ্যত মূল চৰিত্ৰ এটিয়ে নিশাৰ ভাগত ম’বাইলত কিবা এটা চাই হস্তমৈথুন কৰাৰ দৃশ্যাংশৰ পিছত পুৱাৰ দৃশ্যাংশত কোৰ এখনৰ নালডালত হেঁ‌চা প্ৰয়োগ কৰি থকাৰ সমান্তৰালকৈ বেকগ্ৰাউণ্ডত ব’হাগৰ এটি সুৰৰ ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ প্ৰতীকীৰূপত যৌনতা আৰু উৰ্বৰতাক একত্ৰ কৰা হৈছে, যি এক আদিম সত্য।

লগতে পঢ়ক ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?

নিৰ্দ্দিষ্ট সময়ত পৰিকল্পিত কাৰ্যসিদ্ধি কৰিবলৈ গৈ অস্থিৰতা-উদ্বিগ্নতাত পেটত হাত-ভৰি লুকোৱা দুই মূখ্য চৰিত্ৰই নিশাৰ জোনৰ পোহৰত মুকলি আকাশৰ তলত মলত্যাগ কৰাৰ দৃশ্যটিকো এনে এক আচৰিত সুন্দৰ ৰূপত তুলি ধৰা হৈছে যে মলত্যাগক লৈ এনে দৃশ্যৰ অৱতাৰণা ইয়াতকৈ সুন্দৰ হয়তো হ’ব নোৱাৰে।

চিদা বৰাৰ চিনেমেট’গ্ৰাফী বা আলোকশিল্পৰ কামৰ প্ৰশংসা কৰিবই লাগিব। যেনে জুই লগাৰ দৃশ্যত কেমেৰাৰ এংগলৰ পৰা আৰম্ভ কৰি, পুখুৰীৰ পানীত তিনিওজনৰ হতাহতিৰ প্ৰতিফলন, শেষৰ ফালে অৰ্থাৎ তৰংগ শীৰ্ষৰ আগত পুৱতি নিশা কাঁ‌ইটীয়া জোপোহাক কেমেৰাৰ আগত ৰাখি, তাৰপিছত ছয়াময়া পোহৰত চৰিত্ৰকেইটিৰ গতিবিধি-অৰ্থৱহ।

আৰু একেবাৰে অন্তিম দৃশ্যটো পৰ্যন্ত চকুজুৰোৱা। লগতে খাপ খোৱা আৱহ-সংগীত। সৌৰভ মহন্তৰ সংগীতৰ কাম দৃশ্যাংশ সাপেক্ষ,সুন্দৰ। এতিয়া আহো আটাইতকৈ আচৰিত পিছে সুন্দৰ দিশটোলৈ। সেয়া হৈছে-অভিনয়। চিনেমাখনৰ মূল দুটি চৰিত্ৰ-কিংকৰ নাথ আৰু অনিল নাথ— এই দুইজনেই কোনোধৰণেই অভিনয়ৰ সৈতে জড়িত নহয়। অথচ, দুয়োজনেই কেমেৰাৰ আগত ইমানেই স্বাভাৱিক আৰু সহজ যে-এনে প্ৰাকৃতিক অভিনয়শৈলী আয়ত্ত কৰিবলৈ বহু অভিজ্ঞ অভিনেতা-অভিনেত্ৰীৰে দীৰ্ঘকাল লাগি যায়।

দুই অভিনয় শিল্পীৰ প্ৰথম হৈয়ো অনবদ্য অভিনয়ৰ শলাগ লোৱাৰ লগতে পৰিচালক ডেকাৰ কথা ক’বই লাগিব পুনৰবাৰ। এই অভিনয় শিল্পীয়ে অভিনয় কৰা যেন নলগাৰ অনুভৱ দৰ্শকক দিবৰ বাবে আটাইতকৈ বেছি কচৰৎ কৰ্তাজনেই হৈছে পৰিচালকজন। কংকন ডেকাৰ চলচ্চিত্ৰৰ সম্পৰ্কে অধ্যয়ন, নিৰীক্ষণৰ এক পৈণত ফচল-উপসৰ্গ। চাই নিৰাশ নিশ্চয়কৈ নহ’ব।

লেখিকাৰ মেইল-  rimli.borkotoky1985@gmail.com

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assamese filmAssamese Movieaxom live 24axom live digitalbest news channel in assamBest news channel of assamBest News Portal in AssamUpasharga
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ
বিনোদন

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

July 22, 2026
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ
বিনোদন

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

July 22, 2026
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!
বিনোদন

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

July 22, 2026
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী
বিনোদন

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

July 22, 2026
Next Post
দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.