সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’ৱে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
টুইটাৰত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এটা শৌচাগাৰৰ সংলগ্ন টয়লেটৰ মজিয়াত কিছুমান পাত্ৰত ৰান্ধি থোৱা খাদ্যসমূহ ৰাখি থোৱা হৈছে৷ বাহিৰৰ পৰা এগৰাকী এগৰাকীকৈ কিশোৰ-কিশোৰীয়ে ভিতৰলৈ আহি শৌচাগাৰৰ মজিয়াৰ পাত্ৰত থোৱা খাদ্য থালত লোৱা দেখা গৈছে তাৰ মাজতে তেওঁলোকে দেখা পায় যে সেয়া এটা টয়লেটৰ মজিয়া৷ কাষতে কে’বাটাও পুৰুষৰ প্ৰস্ৰাৱগাৰৰ লগতে শৌচাগাৰো আছে৷ ইয়াৰ পাছতে এক হূলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়৷
১ মিনিট ১৮ ছেকেণ্ডৰ এই ভিডিঅ’টো টুইটাৰত ভাইৰেল হোৱাৰ পাছতে এতিয়া দেশজুৰিও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
লগতে পঢ়ক উদ্যত পিষ্টলেৰে মহানগৰীৰ ৰাজপথত সন্ত্ৰাস বিহাৰী ৰিক্সাৱালাৰ! তাৰপাছত কি হ’ল?
প্ৰকাশিত বাতৰি অনুসৰি ভাইৰেল হোৱা ভিডিঅ’টো উত্তৰ প্ৰদেশৰ৷ উত্তৰ প্ৰদেশৰ শ্বাহৰণপুৰত ৰাজ্যখনৰ ১৭ বছৰ অনুৰ্ধৰ কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কাবাডী খেলুৱৈসকলকেই শৌচাৰগাৰৰ মজিয়াত খাদ্য পৰিৱেশ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷
ইফালে এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে শ্বাহৰহণপুৰৰ ক্ৰীড়া বিষয়া অনিমেষ ছাক্সেনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ বিষয়াগৰাকীয়ে দাবী কৰা মতে খেলুৱৈসকলৰ বাবে খাদ্য শৌচাগাৰত নহয়, চুইমিং পুলৰ ওচৰতহে ৰখাৰ ব্যৱস্থা কৰা হৈছিল৷
यूपी की कबड्डी खेलने वाली बेटियों को टॉयलेट में खाना परोसा गया।
झूठे प्रचार पर करोड़ों खर्च करने वाली BJP सरकार के पास हमारे खिलाड़ियों के लिए अच्छी व्यवस्था करने के पैसे नहीं हैं।
धिक्कार है! pic.twitter.com/UazJvCrWPB
— Congress (@INCIndia) September 20, 2022
লগতে পঢ়ক উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?
বিষয়াগৰাকীয়ে দাবী কৰে যে খাদ্যখিনি চুইমিং পুলৰ চেঞ্জিং ৰুমতহে ৰখা হৈছিল৷ ‘‘বাথৰুমত খাদ্য ৰখা হোৱা নাছিল। চুইমিং পুলৰ ওচৰতে আমি খাদ্যৰ ব্যৱস্থা কৰিলোঁ। বৰষুণৰ বাবে চুইমিং পুলৰ ওচৰৰ চেঞ্জিং ৰুমত খাদ্য ৰখা হৈছিল। ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম চলি আছে। বৰষুণৰ বাবে আন ঠাইত খাদ্য ৰাখিবলৈ ঠাই নাছিল।’’ বিষয়াগৰাকীয়ে এইদৰে কয়৷ প্ৰকাশিত খবৰ মতে এই ঘটনাৰ পাছতে ইতিমধ্যে বিষয়াগৰাকীক নিলম্বন কৰা হৈছে৷
ইফালে ঘটনাৰ পাছতে ৰাজ্যখনৰ বিৰোধী ৰাজনৈতিক দলসমূহে শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰা দেখা গৈছে৷ বিৰোধীৰ মতে শৌচাগাৰত খাদ্য ৰাখি উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে কাবাডী খেলুৱৈসকলক অসন্মান কৰিছে৷ বিৰোধীয়ে এই ঘটনা অত্যন্ত লজ্জাজনক বুলিও অভিহিত কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ