অসম লাইভ২৪ঃ সমগ্ৰ ভাৰতৰ দৈনন্দিন খুচুৰা লেনদেনৰ চিত্ৰ সলনি কৰি দিছে UPI পেমেণ্টে। কেই মিনিটৰ ভিতৰতেই দেশত লাখ লাখ ট্ৰেনজেকশ্ব্যন হয়। সৰু পাচলি দোকানীৰ পৰা আৰম্ভ কৰি ফুচকাৰ দোকানলৈকে সকলোতে অনলাইন লেনদেন। এই সুযোগতেই অনলাইন প্ৰৱঞ্চকৰ সংখ্যাও বাঢ়িছে। কেতিয়াবা কেতিয়াবা UPI আইডিৰ লিংক পঠিয়াই বা কাৰোবাৰ কিউআৰ কোড পঠিয়াই প্ৰতাৰণাও কৰা হৈছে। শেহতীয়াকৈ চৰকাৰৰ তৰফৰ পৰা সাধাৰণ জনতাক বচাবলৈ পদক্ষেপ লোৱা হৈছে।
সম্প্ৰতি জনোৱা অনুসৰি UPI পৰিসেৱা সৰবৰাহকাৰী চৰকাৰী সংস্থা, ‘নেশ্ব্যনেল পেমেণ্ট কৰ্পৰেছন অৱ ইণ্ডিয়া’ সৈতে বিত্তমন্ত্ৰী ৰিজাৰ্ভ বেংক আৰু ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে বিশেষ আলোচনাতো মিলিত হৈছে। ইতিমধ্যেই কেইবাটাও প্ৰস্তাৱো গ্ৰহণ কৰিছে এই সংস্থাই। এক সূত্ৰই দাবী কৰামতে ডিজিটেল পেমেণ্টক নিৰাপদ কৰিবৰ বাবে আৰু স্কেমাৰসকলৰ হাতৰ পৰা ৰক্ষা কৰিবলৈকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এই সংস্থাই। UPIত মোটা অংকৰ ধনৰ লেনদেন কৰিবলৈ UPI পিনৰ ওপৰিও একাধিক কঠোৰ নিৰাপত্তা স্তৰ থকা উচিত।
UPIত কেনেকৈ প্ৰতাৰণাৰ চিকাৰ হৈছে সাধাৰণ মানুহ?
প্ৰতাৰকে সাধাৰণ মানুহৰ বাবে নানান ফান্দ পাতে। বেছিভাগেই হৈছে SMSৰ মাধ্যমেৰে প্ৰতাৰণা। জালিয়াতিৰে লটাৰী জিকা বা প্ৰচুৰ ধন পোৱাৰ কথা জনাই SMS পঠিয়াই। তাত একোটা লিংকো গাঁঠি দিয়া থাকে। এই লিংকত কোনো ব্যক্তিয়ে ক্লিক কৰিলেই সেই একাউণ্ট হেক হৈ যায়। ইয়াৰপাছতেই একাউণ্টৰ পৰা টকা উধাও হয়। সম্প্ৰতি কিউআৰ কোড ব্যৱহাৰ কৰিও বহুতে প্ৰতাৰণা কৰা দেখা গৈছে। এই ক্ষেত্ৰত QR কোড পঠিওৱা হয়। নানান লোভনীয় অফাৰ দি সাধাৰণ মানুহক কিউআৰ কোড স্কেন কৰিবলৈ কোৱা হয়। স্কেন কৰাৰ লগে লগেই একাউণ্টৰ বিশদ তথ্য প্ৰতাৰকে লাভ কৰে।
চৰকাৰে কি পৰিকল্পনা কৰিছে?
UPI-ৰ মাধ্যমেৰে ধনৰ লেনদেন কৰাৰ সময়ত বৰ্তমান কেৱল UPI PIN হে দিব লাগে। এইবাৰ চৰকাৰৰ পৰিকল্পনামতে শীঘ্ৰেই এনে এক ফিল্টাৰ লাঘু হ’ব য’ত এটা নিৰ্দিষ্ট পৰিমানতকৈ বেছিকৈ ধনৰ লেনদেন কৰিলে OTP আহিব। সম্প্ৰতি কেইটামান বেংকে তেওঁলোকৰ এটিএমতো এই সুবিধা লাঘু কৰাইছে। এইক্ষেত্ৰত কোনো কোনো বেংকৰ এটিএমৰ পৰা সৰহকৈ ধন উলিয়ালে পিন কোডসহ অটিপি নম্বৰো লিখিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ