• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…

UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…

3 years ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

21 minutes ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

1 hour ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

1 hour ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

3 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

3 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

4 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

4 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

5 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

6 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…

editor by editor
May 31, 2023
in অসম, ভাৰত, শিক্ষা
0
UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…
0
SHARES
397
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লখিমপুৰৰ এছ পি হিচাপে যোগদান কৰাৰ পাছতেই সংবাদ শিৰোনামত কেৱল আনন্দ মিশ্ৰ। আনন্দ মিশ্ৰৰ পূৰ্বৰ জনপ্ৰিয়তা যেন আকৌ ঘূৰি আহিছে। কেৱল নকল সোনৰ ব্যৱসায়ীয়ে নহয় আনন্দ মিশ্ৰৰ পদুলিত ইউটিউবাৰ মিডিয়া সকলোৰে ভীৰ। নহ’বনো কিয়? তেওঁৰ এটা ভাষ্যৰেই আছে বহু ডিমাণ্ড। আনন্দ মিশ্ৰৰ এই জনপ্ৰিয়তা তেওঁৰ কথাৰ বাবেই নহয় কামৰ বাবেও। কিন্তু এই ভাষ্য এতিয়াৰে পৰা কোনোৱে আৰু শুনা নাপাব। তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াত বাধা আৰোপ কৰা হৈছে।

নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িত থকা সকলোকে গ্ৰেপ্তাৰ কৰাৰ পণ লোৱা বিষয়াগৰাকীয়ে পূৰ্ণদম্যে আৰম্ভ কৰিছে অভিযান। এই অভিযানত সচেতন নাগৰিকে সংগ দিয়াৰ উপৰিও নকল সোণৰ বেহাৰ সৈতে জড়িত থকাসকলে থৰহৰি কম্পমান হৈ চাৰেণ্ডাৰ কৰিবলৈ থানাত লাইন ধৰিছেহি। এই সকলোবোৰৰ মাজতেই সংবাদ মাধ্যমত ভাষ্য নিদিলেও আনন্দ মিশ্ৰই সামাজিক মাধ্যমত নিজা পেজত শ্বেয়াৰ কৰিছে বিশেষ ভিডিঅ’।

ভিডিঅ’টোত আনন্দ মিশ্ৰই দিছে কেইটামান বিশেষ কিটিপ। লাইভ ভিডিঅ’টোত UPSC ত কেনেদৰে সফল হ’ব তাৰেই কিটিপ দিছে আনন্দ মিশ্ৰই। তেওঁ কৈছে, ‘মই আনন্দ মিশ্ৰ। UPSC পৰীক্ষাত মই কেনেদৰে সফল হৈছিলো। সফলতাৰ কথাবোৰো হয়তো নৱপ্ৰজন্মক আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে সেয়ে এই ভিডিঅ’টো কৰিছো। UPSC পৰীক্ষাত কাৰেণ্ট এফেয়াৰৰ্ছ বিষয়বোৰ কেনেদৰে চাব লাগে? এই প্ৰশ্নৰ উত্তৰত আনন্দ মিশ্ৰই কয়, কাৰেণ্ট এফেয়াৰ্ছ UPSCত পঢ়িবলগা বিষয় নহয় এয়া এক অভ্যাস হ’ব লাগে। এগৰাকী UPSCৰ বাবে আগবাঢ়ি অহা ছাত্ৰই সমাজখনৰ প্ৰত্যেক দিশতেই নজৰ ৰাখিব লাগে। কি চলি আছে সমাজত এই কথাবোৰত নজৰ ৰাখিব লাগে। মেগাজিন, পেপাৰ আদি পঢ়াৰ লগতে বিষয়বোৰ নিজাধৰণেও ভাৱিবলৈ যত্ন কৰিব লাগে। নিউজ একোটা পঢ়োতে সদায়ে আঁৰৰ কথাবোৰ জানিবলৈ চেষ্টা কৰিব লাগে। নিউজটোৰ বেকগ্ৰাউণ্ড জানিবলৈ গুগল বা আন জনা শুনা ব্যক্তিৰ সৈতে কথা পাতি বিষয়টো জানিবলৈ চেষ্টা কৰিব লাগে।

UPSCৰ বাবে কেনেকৈ তৈয়াৰ হ’ব? সেই কথাৰো উত্তৰ দিছে আনন্দ মিশ্ৰই। আপোনাৰ UPSCৰ প্ৰস্তুতি আৰম্ভ হয় ক্লাছ এইটৰ পৰাই। ক্লাছ এইটৰ পৰা ক্লাছ টুৱেলভলৈ পাঠ্যক্ৰমৰ বিষয়ৰ পুংখানুপুখ জ্ঞান ল’বলৈ যত্ন কৰিব লাগে। বিশেষকৈ মেটছৰ জ্ঞান জৰুৰী। এখন কিতাপ ১০ বাৰ পঢ়াতকৈ এবাৰতেই জ্ঞান আয়ত্ব কৰিবলৈ যত্ন কৰিব লাগে। কিন্তু ইয়াৰ মাজতেই ৰিভিজন জৰুৰী। কাৰণ এখন কিতাপ ১০ বাৰ পঢ়িলে ১০ বাৰেই বিভিন্ন নতুন দিশ চকুত পৰে। মই প্ৰায় এটা বিষয়ক ৫ বাৰ পঢ়িছিলো। কিন্তু পৰীক্ষা কাষ চাপি অহাৰ লগে লগে পঢ়াত গুৰুত্বটো বঢ়াই দিয়াটো নিশ্চিতভাৱে জৰুৰী। অন্যান্য কিতাপ পঢ়াটো জৰুৰী যদিও এয়া স্মাৰ্ট ষ্টাডী নহয়, এগাল কিতাপ পঢ়াতকৈ দুখন কিতাপ পঢ়ক কিন্তু জ্ঞান ভালকৈ আয়ত্ব কৰক।

ইতিহাস বিষয়ক লৈ বহুতেই UPSCত পিছপৰি থাকে। ইতিহাসক কেতিয়াও পাঠ্যক্ৰম নাভাৱিব। তাতকৈ এক কাহিনী বুলি মনতে কল্পনা কৰি ল’ব। নিজকে কাহিনীটোৰ সৈতে একাত্ম কৰিবলৈ যত্ন কৰিব। তেতিয়া এই বিষয়টো আপোনাৰ বাবে আটাইতকৈ সহজ হৈ পৰিব। এইসমূহৰ মাজতেই UPSCত মন কৰিবলগা কথাটো হৈছে আপুনি চিলেৱাছ সম্পূৰ্ণৰূপে জানি লৈ চিলেৱাছ মতেই আগবাঢ়িবলৈ যত্ন কৰিলেহে সফল হ’ব পাৰিব। এয়া পৰীক্ষাই নহয়। এয়া এজন ব্যক্তিৰ দৃঢ়তা, আপোনাৰ ব্যক্তিত্ব, আপুনি জীৱনক কেনেকৈ লৈছে সেইসমূহো এই পৰীক্ষাৰ সৈতে জড়িত হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
Next Post
জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

'ইয়াদ আয়েঙ্গে ইয়ে পল'... এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.