চীনৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৩ বছৰৰ বাবে চীনৰ ওপৰত এই কৰ
আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে চীনৰ জাহাজসমূহৰ ওপৰত নতুন বন্দৰ মাচুল আৰোপ কৰাৰ কথা ঘোষণা কৰিছে, যাৰ বাবে আমেৰিকা আৰু চীনৰ মাজত বাণিজ্যিক উত্তেজনা পুনৰবাৰ গা কৰি উঠাৰ সম্ভৱনাই দেখা দিছে। আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিয়ে প্ৰকাশ কৰা পৰিকল্পনা অনুসৰি চীনৰ মালিকানাধীন, পৰিচালিত বা নিৰ্মাণ কৰা জাহাজৰ ক্ষেত্ৰত এই কৰ প্ৰযোজ্য হ’ব।
এই পৰিকল্পনা অনুসৰি ২০২৫ চনৰ ১৪ অক্টোবৰৰ পৰা ২০২৮ চনৰ এপ্ৰিললৈকে পৰ্যায়ক্ৰমে এই কৰ বৃদ্ধি কৰা হ’ব।প্ৰথম অৱস্থাত এই কৰ প্ৰতি টনত ৫০ ডলাৰ হ’ব, যিটো প্ৰতি টনত ১৪০ ডলাৰলৈ বৃদ্ধি পাব। ইয়াৰ উপৰিও প্ৰতিটো কন্টেইনাৰৰ বাবে কৰ ১২০ ডলাৰৰ পৰা ২৫০ ডলাৰলৈ বৃদ্ধি পাব পাৰে।
এছ চি এম পিৰ মতে, চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে এই সিদ্ধান্তক সমালোচনা কৰি কয় যে এই পদক্ষেপে বিশ্বৰ যোগান শৃংখলত ব্যাঘাত জন্মাব পাৰে, মূল্য বৃদ্ধি কৰিব পাৰে আৰু আমেৰিকাৰ গ্ৰাহকৰ ওপৰত মুদ্ৰাস্ফীতিৰ বোজা বৃদ্ধি কৰিব পাৰে।
মুখপাত্ৰ লিন জিয়ানে কয় যে এই নীতিয়ে আমেৰিকাৰ জাহাজ নিৰ্মাণ উদ্যোগক পুনৰুজ্জীৱিত কৰাত সফল নহ’ব। ইউ এছ টি আৰৰ পৰিকল্পনা অনুসৰি প্ৰতিখন জাহাজৰ পৰা বছৰত সৰ্বাধিক পাঁচবাৰ এই কৰ আদায় কৰা হ’ব।
বিশেষজ্ঞসকলৰ মতে এই নীতিয়ে চীনৰ প্ৰধান জাহাজ কোম্পানী যেনে COSCO আৰু OOCL ৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলাব।
ইউএছটিআৰে নিজৰ প্ৰতিবেদনত কয় যে বিশ্বৰ জাহাজ নিৰ্মাণত আমেৰিকাৰ অংশীদাৰিত্ব মাত্ৰ ০.১%, আনহাতে কেৱল চীনে বিশ্বৰ বাকী অংশতকৈ অধিক জাহাজ নিৰ্মাণ কৰে। ২০২৪ চনৰ তথ্য অনুসৰি চীনে ৭০% নতুন জাহাজ নিৰ্মাণৰ অৰ্ডাৰ লাভ কৰাৰ বিপৰীতে দক্ষিণ কোৰিয়াই ১৭% আৰু জাপানে ৫% লাভ কৰে। যাৰ ফলত আমেৰিকাৰ এই নীতিয়ে চীনত বাৰুকৈয়ে প্ৰভাৱ পেলাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















