অসম লাইভ২৪ঃ হিন্দুয়ে ৰামক তেওঁলোকৰ আৰাধ্য দেৱতা বুলি দাবী কৰে। কিন্তু ৰাম যে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে আৰাধ্য দেৱতা সেই কথা প্ৰমাণ কৰি দেখুৱাইছে এজন মুছলমান ধৰ্মাৱলম্বী লোকে। মহম্মদ ইছলাম উত্তৰপ্ৰদেশৰ বাসিন্দা। নামাজৰ ওপৰিও প্ৰতিদিনে তেওঁ ৰামচৰিতমানস পাঠ কৰে। ৰামকথা পাঠ কৰাৰ বাবেই তেওঁ অন্য ৰাজ্যৰ পৰা আমন্ত্ৰণো লাভ কৰে। ৰাম মন্দিৰ উদ্বোধনক লৈ ধৰ্মীয় আৱেগ সৃষ্টি হৈছে সমগ্ৰ দেশত। দেশৰ সৰ্বত্ৰতে এতিয়া জয় শ্ৰীৰাম ধ্বনি। কিন্তু তাৰ মাজতেই ধৰ্মনিৰপেক্ষতাৰ ধ্বজা তুলি ধৰিছে উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰৰ বাসিন্দা মহম্মদ ইছলাম নামৰ ৬৮বছৰীয়া বৃদ্ধগৰাকীয়ে।
বিগত ৪৫ বছৰ ধৰি প্ৰতিদিনেই নিয়মিত ৰামচৰিতমানস আৰু ৰামায়ণ পাঠ কৰি আহিছে। মুছলমান ধৰ্মগুৰু হিচাপেই ইছলাম পৰিচিত। ধৰ্মৰ শিক্ষা দিবৰ বাবেই তেওঁ ভাৰতৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ সঘনে আহযাহ কৰি থাকে। এই আহযাহৰ সময়তে তেওঁ বহু ৰাজ্যত ৰামায়ণ পাঠ কৰিবৰ বাবেও আমন্ত্ৰণ লাভ কৰে। শুদ্ধভাৱে ৰামায়ণ পাঠ কৰাৰ বাবেই বহুতেই তেওঁৰ পৰা ৰামকথা শুনিবলৈ আগ্ৰহীও হৈ থাকে।
ইছলামে ৰামচৰিতমানস পঢ়াৰ আঁৰত আছে তেওঁৰ ৰামৰ প্ৰতি থকা ভক্তি। সেই ভক্তিৰ কথা নিজেই জনাইছে ইছলামে। ৫ বছৰ পূৰ্বে তেওঁ অযোধ্যালৈ গৈছিল। তেওঁৰ মতে ৫০০ বছৰ দেৰীয়েই হৈছে। ইয়াৰ বহু আগতেই অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হ’ব লাগিছিল। মন্দিৰ উদ্বোধনৰ পাছতেই অযোধ্যাত ৰামৰ দৰ্শনৰ বাবেও তেওঁ যাব বুলি দাবী কৰিছে। ইছলাম প্ৰকৃততে উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰৰ বাসিন্দা। ইছলামৰ পিতৃ পেছাত এজন দৰ্জী আছিল। ১৯ বছৰ ধৰি ইছলামেও পিতৃৰ ব্যৱসায়কেই চলাই আছে। কামৰ মাজে মাজেই তেওঁ ৰামায়ণ পাঠ কৰে। বহু মানুহ তেওঁৰ ৰামায়ণ পাঠ কৰা শুনিবলৈ ৰৈ থাকে। এনেকৈ ৰাম কথা গাই গাই তেওঁৰ ৰামৰ প্ৰতি ভক্তিভাৱ বৃদ্ধি পাইছে। ভক্তিৰ বাবেই পাছলৈ তেওঁ নিয়মিতভাৱে ৰামচৰিতমানস পাঠ কৰিবলৈ লয়।
ইছলামে কেৱল ৰাম বন্দনাই কৰে তেনে নহয়। তেওঁ দিনে পাঁচবাৰকৈ নামাজেই পঢ়ে। মিৰ্জাপুৰৰ বাসিন্দা ইছলামে জনোৱা অনুসৰি নিয়মিত ৰামচৰিতমানস পাঠৰ ওপৰিও তেওঁ নামাজো পঢ়ে। তেওঁৰ মতে মানুহৰ শ্ৰষ্টা এজনেই। ৰাম আৰু ৰহিমো একেই। বিভিন্ন নামেৰে মানুহে তেওঁক স্মৰণ কৰে। তেওঁ লগতে কয়, ‘ৰামচৰিতমানস পাঠৰ বাবে মোক আজিলৈকে কোনোৱে বাধা দিয়া নাই। ইয়াৰ বাবে বহুতে উৎসাহিতহে কৰিছে। জীৱনৰ শেষদিন পৰ্যন্ত মই ৰামচৰিতমানস পাঠ কৰি যাম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ