• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্মনিৰপেক্ষতাৰ নজিৰ! ৪৫ বছৰ ধৰি ৰামচৰিতমানস পাঠ কৰি আহিছে মহম্মদ ইছলামে

ধৰ্মনিৰপেক্ষতাৰ নজিৰ! ৪৫ বছৰ ধৰি ৰামচৰিতমানস পাঠ কৰি আহিছে মহম্মদ ইছলামে

3 years ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

41 minutes ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

14 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

14 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

14 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

15 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

15 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

16 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

16 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

17 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

18 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

20 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধৰ্মনিৰপেক্ষতাৰ নজিৰ! ৪৫ বছৰ ধৰি ৰামচৰিতমানস পাঠ কৰি আহিছে মহম্মদ ইছলামে

editor by editor
January 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ধৰ্মনিৰপেক্ষতাৰ নজিৰ! ৪৫ বছৰ ধৰি ৰামচৰিতমানস পাঠ কৰি আহিছে মহম্মদ ইছলামে
0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুয়ে ৰামক তেওঁলোকৰ আৰাধ্য দেৱতা বুলি দাবী কৰে। কিন্তু ৰাম যে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে আৰাধ্য দেৱতা সেই কথা প্ৰমাণ কৰি দেখুৱাইছে এজন মুছলমান ধৰ্মাৱলম্বী লোকে। মহম্মদ ইছলাম উত্তৰপ্ৰদেশৰ বাসিন্দা। নামাজৰ ওপৰিও প্ৰতিদিনে তেওঁ ৰামচৰিতমানস পাঠ কৰে। ৰামকথা পাঠ কৰাৰ বাবেই তেওঁ অন্য ৰাজ্যৰ পৰা আমন্ত্ৰণো লাভ কৰে। ৰাম মন্দিৰ উদ্বোধনক লৈ ধৰ্মীয় আৱেগ সৃষ্টি হৈছে সমগ্ৰ দেশত। দেশৰ সৰ্বত্ৰতে এতিয়া জয় শ্ৰীৰাম ধ্বনি। কিন্তু তাৰ মাজতেই ধৰ্মনিৰপেক্ষতাৰ ধ্বজা তুলি ধৰিছে উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰৰ বাসিন্দা মহম্মদ ইছলাম নামৰ ৬৮বছৰীয়া বৃদ্ধগৰাকীয়ে।

বিগত ৪৫ বছৰ ধৰি প্ৰতিদিনেই নিয়মিত ৰামচৰিতমানস আৰু ৰামায়ণ পাঠ কৰি আহিছে। মুছলমান ধৰ্মগুৰু হিচাপেই ইছলাম পৰিচিত। ধৰ্মৰ শিক্ষা দিবৰ বাবেই তেওঁ ভাৰতৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ সঘনে আহযাহ কৰি থাকে। এই আহযাহৰ সময়তে তেওঁ বহু ৰাজ্যত ৰামায়ণ পাঠ কৰিবৰ বাবেও আমন্ত্ৰণ লাভ কৰে। শুদ্ধভাৱে ৰামায়ণ পাঠ কৰাৰ বাবেই বহুতেই তেওঁৰ পৰা ৰামকথা শুনিবলৈ আগ্ৰহীও হৈ থাকে।

ইছলামে ৰামচৰিতমানস পঢ়াৰ আঁৰত আছে তেওঁৰ ৰামৰ প্ৰতি থকা ভক্তি। সেই ভক্তিৰ কথা নিজেই জনাইছে ইছলামে। ৫ বছৰ পূৰ্বে তেওঁ অযোধ্যালৈ গৈছিল। তেওঁৰ মতে ৫০০ বছৰ দেৰীয়েই হৈছে। ইয়াৰ বহু আগতেই অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হ’ব লাগিছিল। মন্দিৰ উদ্বোধনৰ পাছতেই অযোধ্যাত ৰামৰ দৰ্শনৰ বাবেও তেওঁ যাব বুলি দাবী কৰিছে। ইছলাম প্ৰকৃততে উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰৰ বাসিন্দা। ইছলামৰ পিতৃ পেছাত এজন দৰ্জী আছিল। ১৯ বছৰ ধৰি ইছলামেও পিতৃৰ ব্যৱসায়কেই চলাই আছে। কামৰ মাজে মাজেই তেওঁ ৰামায়ণ পাঠ কৰে। বহু মানুহ তেওঁৰ ৰামায়ণ পাঠ কৰা শুনিবলৈ ৰৈ থাকে। এনেকৈ ৰাম কথা গাই গাই তেওঁৰ ৰামৰ প্ৰতি ভক্তিভাৱ বৃদ্ধি পাইছে। ভক্তিৰ বাবেই পাছলৈ তেওঁ নিয়মিতভাৱে ৰামচৰিতমানস পাঠ কৰিবলৈ লয়।

ইছলামে কেৱল ৰাম বন্দনাই কৰে তেনে নহয়। তেওঁ দিনে পাঁচবাৰকৈ নামাজেই পঢ়ে। মিৰ্জাপুৰৰ বাসিন্দা ইছলামে জনোৱা অনুসৰি নিয়মিত ৰামচৰিতমানস পাঠৰ ওপৰিও তেওঁ নামাজো পঢ়ে। তেওঁৰ মতে মানুহৰ শ্ৰষ্টা এজনেই। ৰাম আৰু ৰহিমো একেই। বিভিন্ন নামেৰে মানুহে তেওঁক স্মৰণ কৰে। তেওঁ লগতে কয়, ‘ৰামচৰিতমানস পাঠৰ বাবে মোক আজিলৈকে কোনোৱে বাধা দিয়া নাই। ইয়াৰ বাবে বহুতে উৎসাহিতহে কৰিছে। জীৱনৰ শেষদিন পৰ্যন্ত মই ৰামচৰিতমানস পাঠ কৰি যাম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত
বাণিজ্য

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

September 6, 2026
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
Next Post
‘मंदिर वहीं बना है, जहां बनाने का संकल्प लिया था’, প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই যোগী আদিত্যনাথৰ উদাত্ত ভাষণত কেইবাটাও সংকল্প

'मंदिर वहीं बना है, जहां बनाने का संकल्प लिया था’, প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই যোগী আদিত্যনাথৰ উদাত্ত ভাষণত কেইবাটাও সংকল্প

অহল্যা, দ্ৰৌপদী, সীতা, তৰা, মন্দোদৰী আটাইকেইগৰাকীৰেই চৰিত্ৰত দাগ! তাৰপিছতো কিয় পুৰাণমতে সতী এই ৫ নাৰী?

অহল্যা, দ্ৰৌপদী, সীতা, তৰা, মন্দোদৰী আটাইকেইগৰাকীৰেই চৰিত্ৰত দাগ! তাৰপিছতো কিয় পুৰাণমতে সতী এই ৫ নাৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.