উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬ যাত্ৰীৰ জীৱন শেষ
আজি ৮ মে’ বৃহস্পতিবাৰে পুৱা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত পাইলটসহ ৬ জন লোকে কৰুণভাৱে মৃত্যুক সাৱটি লয়। লগতে গুৰুতৰভাৱে আহত হয় এজন।
আহত এজনক ঋষিকেশলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে দুৰ্যোগ ব্যৱস্থাপনা দলৰ সৈতে আৰক্ষী প্ৰশাসনে সেই স্থানলৈ ৰাওনা হয়। ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে দলটোৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
বৃহস্পতিবাৰে পুৱা প্ৰায় ৮:৪৫ মান বজাত গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ গংগানীৰ সমীপত সংঘটিত হয় এই হেলিকপ্টাৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী, এছডিআৰএফ, অগ্নিনিৰ্বাপক, চিকিৎসা আৰু অন্যান্য দুৰ্যোগ সাহায্য দল উপস্থিত হয়।
দুৰ্ঘটনা সংঘটিত হোৱা হেলিকপ্টাৰখনত পাইলটসহ মুঠ ৭জন লোক আছিল। ইয়াৰে ৬জন যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হয়। আনজন লোক গুৰুতৰভাৱে আহত হয়। হেলিকপ্টাৰখনত থকা চাৰিজন যাত্ৰী মুম্বাই আৰু দুজন অন্ধ্ৰপ্ৰদেশৰ বুলি জানিব পৰা গৈছে।
মৃত্যু হোৱা সকল-
১) কলা সোণী ৬১, মুম্বাই
২) বিজয়া ৰেড্ডী ৫৭, মুম্বাই
৩) ৰুচি আগৰৱাল ৫৬, মুম্বাই
৪) ৰাধা আগৰৱাল ৭৯, ইউ পি
৫) বেদাৱতী কুমাৰী ৪৮, এ পি অন্ধ্ৰ প্ৰদেশ।
৬) ৰবিন সিং ৬০, গুজৰাট – পাইলট।
আঘাতপ্ৰাপ্ত
মস্তু ভাস্কৰ (ম) ৫১, এ পি, আহত
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















