অসম লাইভ ২৪ঃ সমগ্ৰ দেশৰ লগতে অসমতো আজিৰেপৰা আৰম্ভ হয় কিশোৰৰ কোভিড টিকাকৰণ অভিযান৷ এই অভিযানে সামৰি ল’ব ২০ লাখ ছাত্ৰ-ছাত্ৰীক৷ স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনে চলাব টিকাকৰণ অভিযান৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজানৰ শিক্ষানুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰিব টীকাকৰণ অভিযানৰ৷ মন্ত্ৰীসকলে জিলাই জিলাই উপস্থিত থাকি নিৰীক্ষণ কৰিব অভিযান৷ কেশৱ মহন্ত উপস্থিত থাকিব কামৰূপ (মহানগৰ)ৰ শিক্ষানুষ্ঠানত৷ দুলীয়াজানত মুখ্যমন্ত্ৰীৰ সৈতে থাকিব কৃষি, শক্তি আৰু নিয়োগ মন্ত্ৰী৷ ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব শোণিতপুৰত৷ অজন্তা নেওগে নিৰীক্ষণ কৰিব গোলাঘাট জিলাৰ শিক্ষানুষ্ঠান৷ পৰিমল শুক্লবৈদ্য থাকিব হোজাইৰ শিক্ষানুষ্ঠানত৷ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা থাকিব কামৰূপ (মহানগৰ)ত৷ চন্দ্ৰমোহন পাটোৱাৰী থাকিব কামৰূপ (গ্ৰাম্য)ত৷ শিক্ষামন্ত্ৰী ৰণোজ পেগু থাকিব নগাঁৱৰ শিক্ষানুষ্ঠানসমূহত৷ উৰ্খাও গৌৰা ব্ৰহ্ম থাকিব চিৰাঙৰ শিক্ষানুষ্ঠানত৷ যোগেন মহনে নিৰীক্ষণ কৰিব চৰাইদেউ জিলাৰ শিক্ষানুষ্ঠানসমূহ৷ টিকাকৰণৰ দলে শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে গৈ চলাব অভিযান৷ কেৱল কোভাক্সিনৰ প্ৰতিষেধকহে দিয়া হ’ব কিশোৰ-কিশোৰীসকলক৷ ৰাজ্যত বৰ্তমান মজুত আছে ১৪ লাখ পালি কোভাক্সিন প্ৰতিষেধক৷ ৪ জানুৱাৰীত অসম পাবহি অতিৰিক্ত ৮.১৬ লাখ প্ৰতিষেধক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ