• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পহিলা ফাগুন, অসমবাসীৰ বাবে ১৪ ফেব্ৰুৱাৰী বিশেষ এইকেইটা কাৰণতেই…

পহিলা ফাগুন, অসমবাসীৰ বাবে ১৪ ফেব্ৰুৱাৰী বিশেষ এইকেইটা কাৰণতেই…

3 years ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

5 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

6 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

7 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

7 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

8 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

8 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

9 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

10 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

11 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

12 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পহিলা ফাগুন, অসমবাসীৰ বাবে ১৪ ফেব্ৰুৱাৰী বিশেষ এইকেইটা কাৰণতেই…

editor by editor
February 14, 2023
in অসম, বিবিধ, বিশ্ব, লেখা
0
পহিলা ফাগুন, অসমবাসীৰ বাবে ১৪ ফেব্ৰুৱাৰী বিশেষ এইকেইটা কাৰণতেই…
0
SHARES
7.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ফাগুনে মায়া জানে
ৰাতি হ’লে শুকান ডালে ডালে
জোন জ্বলি উঠে
হিয়া ভাঙি অমাতৰ মাত মাতে
কৰুণ কেতেকীয়ে!’

পহিলা ফাগুন। পহিলা ফাগুনৰ বিশেষত্ব হৈছে এই দিনটো প্ৰেমৰো দিন। বিশ্ববাসীয়ে জানক বা নাজানক অসমবাসীয়ে বহু পূৰ্বৰে পৰাই পালন কৰি আহিছে প্ৰেমৰ দিনটোক৷ প্ৰেম জীৱনৰ চালিকা শক্তি। উদযাপনৰ শিৰোনাম প্ৰেম। প্ৰেম তেনেকুৱাই। অতৃপ্তিৰ বাটেৰে বগুৱা বাই হৃদয় জুৰায়। পূৰ্ণতা পৰা শূন্যতালৈ অথবা শূন্যতাৰ পৰা পূৰ্ণতালৈ প্ৰেমেই কাটে বাট৷ সেই বাটেৰে কোননো নাযায়?

শীতৰ বিদায় বেলিকাত প্ৰকৃতিৰ এটি সুৰীয়া ছন্দ হৈ নামে ফাগুন। ফাগুনকলৈ হাজাৰ মত, হাজাৰটা কথকতা ফাগুনক লৈ, আছে ওজৰ-আপত্তিও৷ বহুতে কয়, ফাগুন নিলাজ, ফাগুন উতনুৱা, ফাগুন বদনামী। এফালে যদি ফাগুন মায়াৱী আনফালে আকৌ ফাগুন বৰ উদাসী। জুইফুল হৈ ফুলা শিমলু মদাৰে এই উদাসী দিনবোৰো ৰঙাই তোলে। অবাধ্য ফাগুনৰ বা বাৰুকৈয়ে লাগে যৌৱনা মদাৰ কেইজুপিতো।

‘মদাৰৰে ফুল হেনো পূজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে
লাগে পিচে ব’হাগতে ৰং সানিবলেʼ
লাগে পিচে আকাশতে জুই জ্বলাবলেʼ
সুধাকণ্ঠ ভূপেন হাজৰিকাই তাহানিতেই দি গৈছে মদাৰৰ বৰ্ণনা৷ পূজা, সবাহ ক’তোৱেই নলগা ৰঙা মদাৰে আকুলতাৰে কাষলৈ মাতে যৌৱনক, মাতে লুকা ভাকু খেলা শৈশৱক। ৰঙা মদাৰে নিজে আহি উপচাই বহুতৰে কোলা।

কবিৰ কবিতালৈ অঁকৰাটো হৈ নামি আহে বদনামী ফাগুন-
‘মোকটো পোৱাই চিনি
মই যে ফাগুন
অঁকৰা কবিৰ সতে চুপতি মৰাৰ বাবে
মোৰতো বহুত বদনাম।’

বগলী পাখি হেন কঁহুৱাই উপচি পৰে নৈ পৰীয়া বালি-চাপৰি। সৰাপাতৰ বাটেৰে ফাগুনেই নাহৰৰ কুমলীয়া পাতত বসন্তলৈ লিখে প্ৰেমৰ চিঠি। ভৱিষ্যতৰ সেউজী সম্ভাৱনাময় হেঁপাহক আদৰিবলৈকে আহে ফাগুন৷ কেতিয়াবা উদাসী অভিমান সানে প্ৰেমিকাৰ হৃদয়ত, কেতিয়াবা কলেজীয়া ‘দুপাট্টা’ত যাচে নিলাজ আলফুলীয়া চুমা। ফাগুন এইবাটেৰেই আহে৷ নৈ পৰীয়া কনেঙৰ আঁচল উৰে, আলি আই লৃগাঙত কনেঙৰ আঁচল উৰে৷ ফাগুন নিজা নিচা আছে। বৰ্ণনাতীত অতীতৰ বাট এটাৰে ফাগুনে জোকাবলৈ নেৰে বাস্তৱ ছবিবোৰক। কৰ্মব্যস্ত চহৰ এখনৰ অলিয়ে গলিয়েও ফাগুন ৰৈ থাকে৷ পানবজাৰৰ পৰা জালুকবাৰীৰ সন্ধিয়া সকলোতে চৰ্চাত ফাগুন থাকে৷

অসমীয়াৰ পহিলা ফাগুনৰ দিনটো চেইন্ট ভেলেন্টাইনৰ নামত উসৰ্গিত এটা দিন ভেলেন্টাইন ডে’ও। ১৪ ফেব্ৰুৱাৰী তাৰিখে সন্মান জনোৱা সকল হৈছে ৰোমৰ ভেলেণ্টাইন আৰু টাৰ্ণিৰ ভেলেণ্টাইন। প্ৰায় ২৬৯ খ্ৰীষ্টপূৰ্ব খ্ৰীষ্টীয় পুৰোহিত ৰোমৰ ভেলেণ্টাইন গৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় আৰু তেওঁক ভায়া ফ্লেমিনা নামে ঠাইত কবৰ দিয়া হয়।

কিন্তু ফাগুনৰ বাবে কোনো নিৰ্দিষ্ট দিন উৎসৰ্গিত নহ’লেও প্ৰতিটো দিনতেই মায়া থাকে৷ বুকুৱে বুকুৱে হাহাকাৰ কৰিলেও যি বতাহ নামে তাৰ নামো অজানিতেই ফাগুন হৈ পৰে৷ এই ফাগুনেও সকলোলৈকে কঢ়িয়াই আনক সপোনখচিত বাট এটা। বতাহজাকে উৰুৱাই নিয়ক দুখ, ক্ষোভ বেদনাবোৰ। প্ৰেমৰ নামত এটা দিন উদযাপন হয়নে নহয় এই লৈও বিতৰ্ক, আলোচনাৰ অন্ত নাই। বদনামী হ’লেও এই বিতৰ্কত ফাগুন সাঙোৰ নাখায়৷ একক হৈয়েই ফাগুনে গাই যায় প্ৰেমৰ গান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
Next Post
মহাশিৱৰাত্ৰীত ঘৰলৈ আনক এই ৬টা বস্তু, ঘৰত আজীৱনেই বিৰাজ কৰিব শান্তি…

মহাশিৱৰাত্ৰীত ঘৰলৈ আনক এই ৬টা বস্তু, ঘৰত আজীৱনেই বিৰাজ কৰিব শান্তি...

এক লিটাৰ গাখীৰৰ দাম ২১০টকা! পাকিস্তানৰ অৰ্থনৈতিক মন্দাৱস্তাৰ অৱসান কেতিয়া?

এক লিটাৰ গাখীৰৰ দাম ২১০টকা! পাকিস্তানৰ অৰ্থনৈতিক মন্দাৱস্তাৰ অৱসান কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.