বাস্তুকলাৰ প্ৰাচীন ভাৰতীয় বিজ্ঞান হৈছে বাস্তুশাস্ত্ৰ৷ জীৱনত সুখ, সমৃদ্ধি আৰু সুস্থতাৰ বাবে বাস্তুশাস্ত্ৰৰ কেইবাটাও নিয়ম মানি চলিব লাগে বুলি জ্যোতিষীয়ে কয়৷ কথিত আছে যে উন্নতিৰ পথত বাধা হৈ থিয় দিছে এইবোৰ বিষয়েই৷ কিন্তু বাস্তুৰ কি কি নিয়ম সঠিকভাৱে মানি চলিলে সাফল্য আহে? কেৰিয়াৰৰ পৰা ব্যক্তিগত জীৱনো সুখৰ হয়? বাস্তুশাস্ত্ৰৰ এই নিয়ম আপুনিও সহজেই মানিব পাৰে৷
পুৱা উঠিয়েই প্রথমে পূৰ্ব দিশৰ দুৱাৰ বা খিৰিকি খোলাৰ চেষ্টা কৰক৷ তাৰপিছত অন্য দিশৰ দুৱাৰ বা খিৰিকি খুলিব৷ পূৰ্ব দিশৰ দুৱাৰ পূৰ্বে খুলিলে ঘৰত শুভ শক্তি আহে৷ ইয়াৰোপৰি আৰ্থিক দিশতো উন্নতি অব্যাহত থাকে৷
ঘৰত কাহানিও জোতা য’তে ততে পেলাই নথব৷ ইয়াৰ বাহিৰে অশুভ শক্তি ঘৰত থাকে বুলি বিশ্বাস কৰা হয়৷ ঘৰৰ সকলো স্থানত কেলণ্ডাৰ লগোৱা উচিত নহয়৷ যদি কেলেণ্ডাৰ লগাই তেতিয়া বতাহে যাতে ক্ষতি কৰিব নোৱাৰে তেনে স্থানত লগাব৷ কেলেণ্ডাৰত যেন বতাহ নালাগে সেই কথাত নজৰ ৰাখক৷ এনে ঘৰত অশুভ শক্তি বৃদ্ধি পায়৷
কথিত আছে, স্নানৰ পাছত যদি পানী অযত্নে পৰি থাকে তেন্তে মানসিক চাপ বৃদ্ধি পায়৷ ঘৰত ঝাড়ু কেতিয়াও দক্ষিণ দিশত মুখ কৰি ৰখা উচিত নহয়৷ ঘৰৰ সদৰ দুৱাৰৰ কাষত ঝাড়ু ৰখাও অশুভ বুলি গণ্য কৰা হয়৷ বাস্তুমতে ৰান্ধনীঘৰ পৰিষ্কাৰ নাৰাখিলে পৰিয়ালত আৰ্থিক সমস্যা আহিব পাৰে৷ খোৱাবোৱাৰ পাছত নিয়মিত বাচনপত্ৰ পৰিষ্কাৰ কৰিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ