অসুস্থ পোপ ফ্ৰান্সিছ, বিশ্বৰ অন্যতম ধৰ্মীয় নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি
বিশ্বৰ সবাতোকৈ শীৰ্ষৰ খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছ অসুস্থ। বৰ্তমানে তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৮৮ বছৰীয়া পোপৰ স্বাস্থ্যৰ তথ্য দি আজি শুকুৰবাৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ভেটিকানৰ ফালৰ পৰা কয় যে পোপ ফ্ৰান্সিছক ব্ৰংকাইটিছৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। পোপ ফ্ৰান্সিছক ৰোমৰ গেমেলি পলিক্লিনিকত ভৰ্তি কৰা হৈছে।
ভেটিকানৰ এক বিবৃতিত কোৱা হৈছে যে শুকুৰবাৰে নিয়মীয়াকৈ অহা দৰ্শকৰ পিছত ফ্ৰান্সিছক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ভেটিকানৰ বিষয়াসকলৰ সৈতে নিয়মীয়া বৈঠকৰ উপৰিও শুকুৰবাৰে পুৱা পোপে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো আৰু চিএনএনৰ মুৰব্বী মাৰ্ক থম্পছনকো সাক্ষাৎ কৰে।
বিবৃতিটোত কোৱা হৈছে যে আজি পুৱা তেওঁৰ নিয়মীয়া দৰ্শনৰ শেষত পোপ ফ্ৰান্সিছক কিছুমান প্ৰয়োজনীয় নিদান পৰীক্ষাৰ বাবে আগষ্টিনো গেমেলি পলিক্লিনিকত ভৰ্তি কৰা হৈছে আৰু ব্ৰংকাইটিছৰ সমস্যাৰ বাবে চিকিৎসালয়ত চিকিৎসা অব্যাহত ৰাখিব।
যোৱা বৃহস্পতিবাৰে ফ্ৰান্সিছৰ ব্ৰংকাইটিছ ধৰা পৰিছিল যদিও তেওঁৰ ভেটিকান হোটেলৰ ছুইটত দৈনিক দৰ্শকৰ সৈতে সাক্ষাতৰ পৰ্ব অব্যাহত ৰাখে। বিগত দেওবাৰে পোপে এখন বৃহৎ বৈঠকৰ সভাপতিত্ব কৰিছিল। সেই সভাতেই তেওঁৰ উশাহ-নিশাহ লোৱাত অসুবিধা হৈছিল।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, স্বাস্থ্যজনিত সমস্যাৰ বাবে পোপ ফ্ৰান্সিছক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ব্ৰংকাইটিছৰ বাবে তেওঁৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। ইয়াৰ উপৰিও তেওঁ ছাইটিকা বিষ আৰু আঁঠুৰ সমস্যাত ভুগিছে, যাৰ বাবে তেওঁক প্ৰায়ে ৱাকাৰ বা হুইল চেয়াৰত বহি থকা দেখা যায়।
মন কৰিবলগীয়া যে যৌৱনকালত আৰ্জেণ্টিনাত থকা সময়ত কিছু শাৰিৰীক সমস্যাৰ বাবে পোপৰ হাওঁফাওঁৰ এটা অংশ আঁতৰাই পেলোৱা হৈছিল। পোপ ফ্ৰান্সিছৰ স্বাস্থ্যৰ বিষয়ে ইয়াৰ পূৰ্বেও আলোচনাৰ বিষয় হৈ আহিছে। ইয়াৰ উপৰিও ২০২১ চনৰ জুন মাহত তেওঁৰ কলন অপাৰেচনো কৰা হৈছিল।
ইয়াৰ পূৰ্বে ২০২৩ চনৰ মাৰ্চ মাহতো ব্ৰংকাইটিছৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল পেপ ফ্ৰান্সিছ। সেইবাৰ তেখেতক ৩ দিনৰ বাবে হাস্পতালত ৰখা হৈছিল। এইবাৰ হাস্পতালত ভৰ্তি হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে লাখ লাখ , কোটি কোটি লোকে তেখেতৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ