দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ৰাজধানীত কৰুণ মৃত্যুক সাৱটিলে ১৮গৰাকীয়ে, ২০ আহত
নিশা দিল্লী ৰেলৱে ষ্টেচনত ভয়ংকৰ পৰিস্থিতি। হেঁচা-ঠেলা আৰু হুলস্থুলীয়া পৰিৱেশত ৩ শিশুসহ কৰুণ মৃত্যুক সাৱটি ল’লে ১৮ গৰাকী লোকে। ইয়াৰ বাহিৰে অন্য ২০ ৰো অধিক লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।
সমগ্ৰ দেশ জোকাৰি যোৱা এই ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীৰ ৰেলৱে ষ্টেচনত। মৃত্যু হোৱা ১৮ গৰাকীৰ মাজত ৩ টা শিশু আৰু ১৪ গৰাকী মহিলা আছিল।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, নতুন দিল্লীৰ ৰেলৱে ষ্টেচনত নিশা প্ৰচণ্ড ভিৰৰ পাছতে ভয়ংকৰ পৰিস্থিতি। এখন ট্ৰেইনত সোমাবলৈ ভিৰ হৈছিল হাজাৰ হাজাৰ লোকৰ।
মহাকুম্ভলৈ যাবলৈ ষ্টেচনটোত ভিৰ হৈছিল হাজাৰ হাজাৰ লোকৰ । দেশৰ ভিন্ন প্ৰান্ত পৰা মহাকুম্ভলৈ যাবলৈ ভক্তৰ ভিৰ হৈছিল ষ্টেচনটোত।
পূৰ্বে কাহানিও নোহোৱা হেঁচা-ঠেলাৰ পৰিস্থিতি সৃষ্টি হৈছিল ষ্টেচনটোত। যাৰ ফলতে পদপিষ্ট হৈ মৃত্যুক আকোঁৱালি লয় কেইবাগৰাকী লোকে। লগতে আহতো হয় বহু কেইগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ