জ্যোতিষশাস্ত্ৰত সমস্ত গ্ৰহৰ বিশেষ গুৰুত্ব আছে৷ প্ৰতিটো গ্ৰহৰ স্থান পৰিবৰ্তনত ১২ ৰাশিৰ জীৱনত শুভ অশুভ প্ৰভাৱ পৰে৷ শুক্ৰক ধন বৈভৱ, প্ৰেম আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি কুণ্ডলীত শুক্ৰৰ অৱস্থান শক্তিশালী হলে জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি উঠে৷ সেয়ে শুক্ৰৰ অৱস্থান পৰিবৰ্তনে বিভিন্ন ৰাশিৰ জীৱনলৈ বৃহৎ পৰিবৰ্তন আনিব পাৰে৷
শুক্ৰ গ্ৰহই ২৮ জানুৱাৰীত কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিছে৷ আগন্তুক ৩১ মে পৰ্যন্ত এই ৰাশিতেই থাকিব৷ ইয়াৰ মাজতেই মীন ৰাশিত শুক্ৰই বিগত ২ মাৰ্চত বক্ৰী হব৷ এইবাৰ ১৩ এপ্ৰিলত আকৌ মাৰ্গী হব৷ কেৱল সেয়াই নহয় ৩১ মেত শুক্ৰই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ আৰু শুক্ৰৰ এই গতি সলনিৰ ফলত তিনি ৰাশিৰ জীৱনত ডাঙৰ পৰিবৰ্তন হব৷ কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?
বৃষ ৰাশি
শুক্ৰৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব বৃষ ৰাশিৰ জাতক জাতিকা৷ এই সময়ত ঘৰ, মাটি কিংবা সম্পত্তি কিনাৰ সপোন পূৰণ হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে৷ সুস্থভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷
কন্যা ৰাশি
শুক্ৰৰ চিধা পথৰ গতিয়ে কন্যা ৰাশিৰ জাতক জাতিকাৰ কঁপাল খুলিব৷ কেৰিয়াৰত উন্নতিৰ যোগ আছে৷ কৰ্মসূত্ৰে বিদেশলৈ যাব পাৰে৷ যিকোনো কামত পৰিয়ালৰ পূৰ্ণ সমৰ্থন পাব৷ সন্তানৰ পৰা সুখবৰ পাব পাৰে৷
ধনু ৰাশি
শুক্ৰৰ মাৰ্গী দশাত ধনু ৰাশিৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ স্বাস্থ্য ভালে থাকিব৷ অফিচৰ উৰ্ধ্বতন কৰ্তৃপক্ষৰ আপোনাৰ কাম পছন্দ হব৷ সহকৰ্মীয়ে কামত সহযোগিতা কৰিব৷ দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা স্বাস্তি পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ