অসম লাইভ২৪ঃ ১৯ মে দেওবাৰে ৰাশি পৰিবৰ্তন কৰিব শিল্প, সৌন্দৰ্য, সাহিত্য, প্ৰেম, সুখ-সৌভাগ্য, বিলাসিতাৰ কাৰক গ্ৰহ শুক্ৰ৷ এই দিনটোত মেষ ৰাশিত নিজৰ যাত্ৰা সম্পন্ন কৰি স্বৰাশি বৃষত প্ৰৱেশ কৰিব শুক্ৰই৷ এই ৰাশিত প্ৰৱেশ কৰাৰ পাছতেই শুক্ৰই নিজৰ পূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব৷ জ্যোতিষ অনুসৰি শুক্ৰই স্বৰাশিত প্ৰৱেশ কৰাৰ ফলত মালব্য ৰাজযোগ তৈয়াৰ হ’ব৷ উল্লেখ্য যে এয়া পঞ্চমহাপুৰুষ ৰাজযোগৰ মাজত অন্যতম৷ ১২ জুন পৰ্যন্ত বৃষ ৰাশিত উপস্থিত থাকিব শুক্ৰ৷ যাৰ ফলত মালব্য ৰাজযোগৰ প্ৰভাৱ থাকিব৷ এই মহাপুৰুষ ৰাজযোগৰ ফলত কিছু ৰাশিৰ জাতকৰ উন্নতি হ’ব৷ কোন কোন ৰাশিৰ লাভ হ’ব জানি থওক সবিশেষ৷
মেষ ৰাশি
মালব্য ৰাজযোগৰ প্ৰভাৱ মেষ ৰাশিৰ জাতকৰ বাবে ধন বৃদ্ধি হ’ব৷ বাণীৰ প্ৰভাৱ বাঢ়িব, ব্যৱসায় সম্প্ৰসাৰণ সম্ভৱ৷ শুভ অনুষ্ঠান আয়োজিত হ’ব পাৰে৷ জীৱনসংগীৰ পৰা লাভ সম্ভৱ৷ দৈনন্দিন আয় বৃদ্ধিৰ সম্ভাৱনা আছে৷ অংশীদাৰীৰ কাম কৰিলে প্ৰৱল লাভৰ সম্ভাৱনা৷ প্ৰেমত ইতিবাচক উন্নতি হ’ব৷ স্বাস্থ্যৰ যত্ন লওক৷
বৃষ ৰাশি
মালব্য ৰাজযোগ বৃষ ৰাশিৰ জাতকৰ বাবে অতি শুভ৷ এই সময়ত কোনো সুসংবাদ পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ৷ ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা আছে৷ কোনো চুক্তিৰ দ্বাৰা মুনাফা বৃদ্ধি সম্ভৱ৷ চাকৰিয়াল জাতকৰ পদোন্নতি হ’ব৷ বেতন বৃদ্ধি সম্ভৱ৷ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক, খোৱা-বোৱাত গাফিলতি নকৰিব৷
কৰ্কট ৰাশি
মালব্য ৰাজযোগৰ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ আকস্মিক ধন লাভ হ’ব৷ পৈতৃক সম্পত্তি লাভ সম্ভৱ হ’ব৷ সন্তানৰ পৰা সুসংবাদ লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সুখ বৃদ্ধি পাব৷ ইয়াৰোপৰি মাতৃৰ স্বাস্থ্যৰ উন্নতি সম্ভৱ৷ বাহন ক্ৰয় কৰিব পাৰে৷ মনত ইতিবাচক অনুভূতি থাকিব৷ প্ৰেম জীৱনত ইতিবাচক প্ৰভাৱ থাকিব৷
সিংহ ৰাশি
বৃষ ৰাশিত সৃষ্ট মালব্য ৰাজযোগ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ সময়ৰ সূচনা কৰিব৷ চাকৰিয়াল জাতকে নতুন সুযোগ লাভ কৰিব৷ ভৱিষ্যতে ইয়াৰ দ্বাৰা লাভাম্বিত হ’ব৷ এই ৰাশিৰ যি জাতকে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিঠে তেওঁলোকৰ বাবে এই সময় অনুকূল৷ ইয়াৰ দ্বাৰা অসাধাৰণ লাভ হ’ব৷ দাম্পত্য জীৱনত সমস্যা বৃদ্ধি পাব পাৰে৷ জীৱনসংগীৰ সৈতে শুভ সময় কটাব৷
কন্যা ৰাশি
কেৰিয়াৰত উন্নতিৰ পথ উন্মুক্ত হ’ব৷ এই ৰাশিৰ যি জাতকে চেষ্টা কৰিও চাকৰি লাভ কৰা নাই তেওঁলোকৰ বাবে এই সময় অনুকূল৷ পছন্দমতে চাকৰি লাভ কৰিব৷ ৰৈ থকা কাম সম্পন্ন হ’ব৷ সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ যি ৰাশিৰ এতিয়াও বিবাহ সম্পন্ন হোৱা নাই তেওঁলোকে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হ’ব৷ আয়ৰ নতুন উৎস মুকলি হ’ব৷ দীৰ্ঘদিন ধৰি কোনো ৰোগ বা অসুস্থতাত ভূগি থাকিলে মুক্তি পাব কন্যা ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ