খং আৰু প্ৰতিশোধৰ জ্বালাত মানুহে কি কাণ্ড সংঘটিত নকৰে! এইবাৰ তেনে অভাৱনীয় তথা চাঞ্চল্যকৰ কাণ্ড সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷
প্ৰকাশিত খবৰ মতে এহাল যুৱক-যুৱতীয়ে উলংগ হৈ গাঁও ঘূৰি ফুৰা এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছিল৷ এই স্পৰ্শকাতৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীয়ে বিশেষ তৎপৰতাৰে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে৷
ঘটনাটো ছত্তীশগড়ৰ কোণ্ডাগাঁও জিলাৰ৷ ঘটনাৰ বিৱৰণীৰ মতে পত্নীয়ে তেওঁৰ স্বামীক এগৰাকী যুৱতীৰ সৈতে অসংযত অৱস্থাত এটা কোঠা ভিতৰত আৱিস্কাৰ কৰে৷ ইয়াৰ পিছতে পত্নীগৰাকীয়ে চিঞৰ বাখৰ কৰি গঞাক মাতি স্বামী আৰু উক্ত প্ৰেমিকাগৰাকীক আৱদ্ধ কৰি শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷
লগতে পঢ়ক পত্নীৰ হাত কাটি দুচে কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?
ইমানতে ক্ষান্ত নহৈ উত্তেজিত লোকসকলে উক্ত যুৱক আৰু যুৱতীগৰাকীক উলংগ কৰি গাঁৱত ঘূৰাই ফুৰে৷ সেই সময়তে কোনো লোকে উক্ত কাণ্ডৰ ভিডিঅ’ ৰেৰ্কডিং কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে৷
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাটো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰি ৪ জন লোকক ঘটনাৰে জড়িত থকাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাটো যোৱা শনিবাৰে সংঘটিত হৈছিল৷ আৰক্ষীয়ে ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে আন আন অভিযুক্তসকলৰ সন্ধানতো অভিযান অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















