পত্নীৰ বয়স ২৫ বছৰ আৰু স্বামীৰ বয়স ৭০ বছৰ। দুয়োৰে বয়সত ৪৫ বছৰৰ পাৰ্থক্য আছে। কিন্তু দম্পতীহালে কয় যে তেওঁলোকে বয়সৰ পাৰ্থক্যক তেওঁলোকৰ সম্পৰ্কত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিয়ে। পৃথিৱীৰ পৰা পাই থকা ঠাট্টা-মস্কৰাবোৰৰ কথাও তেওঁলোকে গুৰুত্ব নিদিয়ে। কানাডাৰ এই স্বামী-স্ত্ৰীহালে এটা শ্ব’ত নিজৰ সম্পৰ্কৰ বিষয়ে এইদৰে কয়।
অৱশ্যে পত্নী ষ্টেফানীয়ে ‘লাভ ডন’ট জজ’ শ্ব’টোত কয় যে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল এই সম্পৰ্কত সুখী নহয়। ষ্টেফানীৰ স্বামীৰ নাম ডন। দম্পতীহালৰ দুবছৰীয়া ল’ৰা এটাও আছে।
ষ্টেফানীয়ে ক’লে যে তাই ডনক প্ৰায় ৫ বছৰ আগতে এখন পাবত লগ পাইছিল। ষ্টেফানীয়ে সেই পাবখনত কাম কৰি আছিল। ষ্টেফানীৰ মতে, যেতিয়াই ডন পাবলৈ আহিছিল, তেতিয়াই তেওঁ বহুত সুখী হৈছিল। ইয়াৰ পৰাই আৰম্ভ হ’ল দুয়োৰে মাজত ৰোমাঞ্চ।
লগতে পঢ়ক সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’! স্বামী-প্ৰেমিকাক উলংগ কৰি কিয় গাঁও ঘূৰালে পত্নীয়ে?
কিন্তু, ৪৫ বছৰৰ বয়সৰ পাৰ্থক্যৰ বিষয়ে মানুহে জানিব পৰাৰ লগে লগে বহুতে এই সম্পৰ্কৰ বিষয়ে জানি আচৰিত হৈছিল। আটাইতকৈ আচৰিত মানুহ আছিল সেইসকল, যিসকল ষ্টেফানীৰ ঘনিষ্ঠ আছিল আৰু যাৰ বয়স সেই সময়ত আছিল প্ৰায় ২০ বছৰ। ষ্টেফানীৰ মতে – যেতিয়া তেওঁৰ দেউতাক, ভায়েক আৰু মাকে সম্পৰ্কটোৰ বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁলোক হতভম্ব হৈ পৰিল। ষ্টেফানীৰ সম্পৰ্কটো হ্ৰস্বকালীন হ’ব বুলি চিন্তিত হৈ পৰিছিল।
ইফালে দুয়ো স্বামী-স্ত্ৰীয়ে মানুহৰ কথাত গুৰুত্ব নিদিয়ে। ডনে কৈছিল যে কেতিয়াবা মানুহে ভাবে যে তেওঁ লাচলনৰ (তেওঁৰ পুত্ৰ) ককাক। কিন্তু তেওঁলোকে এই বিষয়ে বেছিকৈ নাভাবে, মানুহক শুধৰাই দিবলৈও চেষ্টা নকৰে। ষ্টেফানীয়ে ক’লে যে বহুতে ভাবে যে ডনৰ মৃত্যুৰ পিছত তেওঁৰ বীমাৰ ধন লাভ কৰিব বুলিহে ডনৰ লগত আছে। যিটো শুদ্ধ নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ