এগৰাকী বিখ্যাত খেলুৱৈৰ প্ৰেম-প্ৰতাৰণাৰ কাহিনীয়ে সামাজিক আৰু সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ভাইৰেল হৈ পৰিছে৷
ব্ৰিটিছ সংবাদ পত্ৰ দ্য চান-এ প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে ইংলেণ্ডৰ এটা বিখ্যাত ফুটবল ক্লাবৰ এগৰাকী ফুটবলাৰ প্ৰেমিকাক প্ৰতাৰণা কৰি ধৰা পৰিছে৷ আৰু ধৰা পৰাৰ লগে লগে প্ৰেমিকাই ততালিকে এক অভাৱনীয় শাস্তি প্ৰদান কৰিছে ফুটবলাৰগৰাকীক৷
প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি খেলুৱৈগৰাকীয়ে (যাৰ নাম প্ৰকাশ কৰা হোৱা নাই) প্ৰেমিকাক ফাকি দি অন্য এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাই নহয়, মহিলাগৰাকীৰ নামত প্ৰায় ৫০ লাখ টকাও খৰচ কৰিছিল৷
লগতে পঢ়ক খেলিবলৈ গাড়ীত সোমাই শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যু দুটি শিশুৰ
খেলুৱৈগৰাকীৰ আচৰণত প্ৰেমিকাই সন্দেহৰ উৎস বিচাৰি পাইছিল৷ প্ৰেমিকক সেই বিষয়ে প্ৰশ্ন কৰিলে প্ৰেমিকাক সদায় ফাকি দি আহিছিল৷
কিন্তু দুৰ্ভাগ্যবশতঃ খেলুৱৈগৰাকীয়ে এদিন গা ধুবলৈ যাওঁতে ফোনটো লগত নিবলৈ পাহৰিলে৷ তেতিয়াই প্ৰেমিকাই তেওঁৰ ফোন খুচৰি প্ৰেমিকৰ আচল ৰূপ উদঘাটন কৰিলে৷ ফোনত মহিলাগকাৰীৰ সৈতে প্ৰেমালাপৰ মেচেজ পোৱাৰ লগতে তেওঁলোকৰ বিভিন্ন ফ’টোও দেখা পালে প্ৰেমিকাই৷
লগতে পঢ়ক সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’! স্বামী-প্ৰেমিকাক উলংগ কৰি কিয় গাঁও ঘূৰালে পত্নীয়ে?
ইয়াৰ পিছতে প্ৰেমিকাই প্ৰেমিকক প্ৰশ্ন কৰে আৰু প্ৰেমিকাই তেতিয়াই গম পাই যে উক্ত মহিলাগৰাকীৰ নামত তেওঁৰ প্ৰেমিকে ৫০ লাখৰো অধিক টকা খৰচ কৰিছে৷
এই প্ৰতাৰণাৰ বাবে প্ৰেমিকাই খেলুৱৈজনক এনে কোনো কঠোৰ শাস্তি প্ৰদান কৰা নাই৷ কিন্তু কথাবোৰ পোহৰলৈ অহাৰ লগে লগেই প্ৰেমিকাই প্ৰেমিকক ত্যাগ কৰি তেওঁৰ ঘৰৰ পৰা গুচি গৈ সম্পৰ্ক ছেদ কৰিলে৷
আৰু এতিয়া প্ৰতাৰক খেলুৱৈ প্ৰেমিকে অকলশৰে বিষাদগ্ৰস্ত জীৱন পাৰ কৰিছে৷ প্ৰতিবেদনখনত লগতে এইটো কোৱা হৈছে যে খেলুৱৈজনৰ প্ৰতাৰণা কাহিনী কেৱল এইটোৱেই নহয় আৰু আছে প্ৰতাৰণাৰ কাহিনী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ