দুটা পূৰ্ণবয়স্ক প্ৰকাণ্ড অজগৰ৷ দৈৰ্ঘ্য প্ৰায় ২০ ফুট৷ ইচ্ছা কৰিলেই অজগৰ দুটাই টিলিকতে এটা মানুহক ভক্ষণ কৰি থ’ব পাৰে! কিন্তু এনে দুটা প্ৰকাণ্ড অজগৰক কান্ধত লৈ নাচি-বাগি সামাজিক মাধ্যমত ভাইৰেল হৈছে এগৰাকী যুৱক৷
যুৱকজনৰ এই অকুতোভয় কাণ্ডৰ ভিডিঅ’ প্ৰত্যক্ষ কৰি বহুলোক হতভম্ব হৈ পৰা দেখা গৈছে৷ বৰ্তমান সামাজিক মাধ্যমত ভাইৰলে হোৱা ভিডিঅ’টোত ইন্দোনেছিয়াৰ এজন যুৱকে দুটা প্ৰকাণ্ড অজগৰক কান্ধত লৈ নাচি বাগি থকা প্ৰত্যক্ষ কৰা গৈছে৷
লগতে পঢ়ক ৰাছিয়াক ত্ৰিভূৱন দেখুওৱা কোন এই ‘Ghost of Kyiv’? কেনেকৈ মৃত্যু হ’ল তেওঁৰ?
উল্লেখ্য যে ইয়াৰ কিছুদিন পূৰ্বে অন্য এজন যুৱকে এটা বিষাক্ত কোব্ৰাৰ মূৰত চুমা খোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল৷ উক্ত শিহৰণকাৰী ভিডিঅ’ৰ পিছতে ভাইৰেল হোৱা এই ভিডিঅ’টোৱে এতিয়া সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷
অৰ্থাৎ সামাজিক মাধ্যমত ইটোতকৈ সিটো চৰা দৰে এক অঘোষিত প্ৰতিযোগিতাৰহে যেন আৰম্ভ হৈছে৷
View this post on Instagram
লগতে পঢ়ক শ্বেয়াৰ বজাৰত টকাৰ উজান। কিয় কমিছে পেনি ষ্টকৰ দাম?
প্ৰসংগক্ৰমে উল্লেখ্য যে অজগৰ সাপ মূলতঃ আফ্ৰিকাৰ ছাহাৰা, নেপাল, ভাৰত, বাংলাদেশ, দক্ষিণ-পূৱ পাকিস্তান, অষ্ট্ৰেলিয়া, ফিলিপাইনছ আদিত পোৱা যায়৷
আনহাতে, ভিডিঅ’টোত দেখা পোৱা অজগৰ সাপ দুটা হৈছে ‘ৰেটিকুলেটেড’ প্ৰজাতিৰ৷ এই প্ৰজাতিৰ অজগৰ সাধাৰণতে দক্ষিণ-পূৱ এছিয়াত দেখা যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ