অসম লাইভ২৪ঃ ৰোভাৰ প্ৰজ্ঞান নিৰৱে শুই পৰিল চন্দ্ৰপৃষ্ঠত৷ লেণ্ডাৰ বিক্ৰমো প্ৰজ্ঞানৰ কাষতেই শুই পৰিছে৷ লেণ্ডাৰখন দেওবাৰে পুৱা এবাৰ সক্ৰিয় হৈ উঠিছিল৷ কিন্তু এতিয়া বিক্ৰম মৃতপ্ৰায় অৱস্থাত আছে৷ এতিয়াও বেটাৰী শেষ হোৱা নাই বিক্ৰমৰ৷ চন্দ্ৰত এতিয়াও যিহেতু কম পৰিমানে হ’লেও সূৰ্যৰ পোহৰ পৰি আছে সেয়ে বিক্ৰমক আংশিক সক্ৰিয় কৰি ৰাখিব পৰা গৈছে বুলি জনাইছে ইছৰোৰ দলে৷
https://twitter.com/isro/status/1698618694795219401?s=20
সূৰ্যৰ পোহৰ একেবাৰে কমি গ’লেই বিক্ৰমৰ মৃত্যু হ’ব বুলি জনাইছে বিজ্ঞানীয়ে৷ ইছৰোৰ তৰফৰ পৰা কৰা টুইটত জনোৱা অনুসৰি মৃত্যু ঘটাৰ শেষ পৰ্যন্তলৈকে ৰম্ভা আৰু ইলছা পেলোডসমূহ সক্ৰিয় হৈ থাকিব৷ চন্দ্ৰৰ মাটিত বিক্ৰম আৰু প্ৰজ্ঞানে গৱেষণা সামৰিছে৷ বিক্ৰম আৰু প্ৰজ্ঞানে লাভ কৰা সমূহ তথ্য ইছৰোলৈ পঠিয়াইছে৷ আগন্তুক ২২ ছেপ্টেম্বৰত আকৌ সূৰ্যোদয় হ’ব চন্দ্ৰত৷ তেতিয়াই লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰক পুনৰ জীৱন দিবলৈ চেষ্টা কৰিব বিজ্ঞানীয়ে৷ কিন্তু বৰ্তমান সময়ত বিক্ৰম আৰু প্ৰজ্ঞান দুয়োৱেই নিজৰ কাম সামৰি শুই পৰিছে৷ প্ৰজ্ঞানৰ নিচেই কাষতেই শুই পৰিছে প্ৰজ্ঞান৷
দেওবাৰে চন্দ্ৰপৃষ্ঠত শেষবাৰৰ বাবে সক্ৰিয় হৈ উঠিছিল বিক্ৰম৷ চন্দ্ৰপৃষ্ঠৰ পৰা ৪০ ছেণ্টিমিটাই ওপৰলৈ গৈ আকৌ ছফট লেণ্ডিং কৰিছিল বিক্ৰমে৷ বিক্ৰমৰ এই পাৰদৰ্শিতাতেই বিজ্ঞানীৰ দলটো আশাবাদী হৈ পৰিছে৷ আগন্তুক সময়ত চন্দ্ৰলৈ মানৱ যান পঠিয়ালে আকৌ উভতাই আনিব পৰা যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ