অসম লাইভ ২৪ঃ সমগ্ৰ দেশত এতিয়া ক’ৰোনাৰ আতংক। আৰু তাৰ মাজতে এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে অসম আৰু বিহাৰ। ক’ৰোনা আৰু বানে বিধ্বস্ত কৰি পেলাইছে সাধাৰণ মানুহক। ক’ৰোনাৰ মাজতে অসম, বিহাৰত অতিপাত বৃষ্টিৰ ফলত নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ। বানত উটি গৈছে বহুলোকৰ ঘৰ-বাৰী। প্ৰাণহানি হৈছে বহুলোকৰ। এনে পৰিস্থিতিত সাহায্যৰ বাবে আগবাঢ়ি আহিছে দুই তাৰকা দম্পতী। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু অভিনেত্ৰী অনুষ্কা শৰ্মা। বিৰাট-অনুষ্কাই জনাইছে যে অসম আৰু বিহাৰৰ বানত ক্ষতিগ্ৰস্ত লোকৰ সাহায্যৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ। এই দুয়োখন ৰাজ্যত যিকেইটাই NGOই কাম কৰি আছে সেই NGOৰ মাধ্যমেৰে কিছু অনুদান আগবঢ়াইছে বিৰাট-অনুষ্কাই। যাতে দুয়োখন ৰাজ্যৰ বানত বিধ্বস্ত মানুহে কিছু সকাহ লাভ কৰে। একচন এইড, গুঞ্জ আৰু আন এক সংস্থালৈ আৰ্থিক অনুদান আগবঢ়াইছে বিৰুষ্কাই। অৱশ্যে অনুদানৰ আৰ্থিক পৰিমাণৰ কথা উল্লেখ কৰা নাই দুয়োৱে। উল্লেখযোগ্য যে চলিত সপ্তাহৰ আৰম্ভণিতে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছে অসম আৰু বিহাৰৰ বানত আক্ৰান্ত লোকৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ