লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত
বৰ্তমান ভাৰতীয় ক্ৰিকেট ছুপাৰষ্টাৰ বিৰাট কোহলী পত্নী অনুষ্কা শৰ্মাৰ সৈতে লণ্ডনত। শেহতীয়াকৈ এই তাৰকা দম্পতীয়ে উইম্বলডন ২০২৫ৰ হাই প্ৰফাইল টেনিছ মেচ চাবলৈ যোৱা পৰিলক্ষিত হয়। য’ত বিৰাটে টেনিছ কিংবদন্তি ন’ভাক জ’কভিচক সমৰ্থন কৰা দেখা যায়।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিৰাট-অনুষ্কা লণ্ডনৰ ছেইণ্ট জনছ উড এলেকাত বসবাস কৰি আছে। বিৰাটৰ ঘৰৰ ওচৰতে থকা লণ্ডনৰ অল ইংলেণ্ড লন টেনিছ এণ্ড ক্ৰকেট ক্লাবত উইম্বলডনৰ খেল অনুষ্ঠিত হৈছে।
যাৰ বাবে এতিয়া আশা কৰা হৈছে যে ভাৰত-ইংলেণ্ডৰ মাজৰ চলি থকা টেষ্ট মেচৰ তৃতীয়খন খেল, যি লৰ্ডছত অনুষ্ঠিত হব সেই খেল চাবলৈ আহিব পাৰে।
ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া পাঁচখনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন খেল লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব। এই খেলপথাৰখন কোহলীৰ অস্থায়ী বাসগৃহৰ পৰা সামান্য দূৰৈত থকা ছেইণ্ট জনছ উডত অৱস্থিত।
এনে পৰিস্থিতিত অনুৰাগীসকলে আশা কৰিছে যে এই মুহূৰ্তত ভাৰতীয় টেষ্ট দলৰ পৰা অৱসৰ লোৱা বিৰাটে এই মেচত ষ্টেণ্ডত উপস্থিত হৈ দেশৰ যুৱ দলটোক উৎসাহিত কৰিব পাৰে। যদি কোহলী লৰ্ডছত উপস্থিত হয় তেন্তে সেয়া কেৱল খেলুৱৈৰ বাবেই নহয় অনুৰাগীৰ বাবেও এক ডাঙৰ মুহূৰ্ত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















