অসম লাইভ২৪ঃ আজি দেশবাসীয়ে কৈছে, কংগ্ৰেছুলেশ্ব্যন বিৰাট। ঠিকেই বিৰাটক কংগ্ৰেছুলেশ্ব্যন দিয়াৰেই কথা। এদিনীয়া ক্ৰিকেটত শতৰানৰ নতুন বিশ্ব ৰেকৰ্ড গঢ়িলে কোহলীয়ে। বিৰাটৰ এই ৰেকৰ্ডত থিয় হৈ অভিনন্দন জনালে শচীন তেণ্ডুলকাৰেও। যাৰ শিৰত এই খিতাপ ইমান দিনে উজ্বলি আছিল সেই খিতাপ আঁজুৰি আনিলে এইবাৰ বিৰাট কোহলীয়ে।
এদিনীয়া বিশ্বকাপত আটাইতকৈ বেছি শতৰাণৰ ৰেকৰ্ড গঢ়িলে এইবাৰ বিৰাট কোহলীয়ে। বুধবাৰে বিৰাটে শচীনৰ আটাইতকৈ বেছি অৰ্ধশতকৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হ’ল কোহলীয়ে। তাৰপিছতেই শচীনৰ এদিনীয়া বিশ্বকাপত সৰ্বোচ্চ ৬৭৩ ৰানৰ বিশ্বৰেকৰ্ডো ভাঙিলে। এদিনীয়া ক্ৰিকেটত সকলোতকৈ বেছি শতৰানৰ ৰেকৰ্ডো ভাঙিলে কোহলীয়ে। সকলো মিলি বুধবাৰে শচীনৰ তিনিটাকৈ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হ’ল কোহলীয়ে।
ইডেন গাৰ্ডেন্সতেই নিজৰ ৩৬ সংখ্যক জন্ম দিনত এদিনীয়া ক্ৰিকেটত ৪৯তন শতৰান কৰি শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিছে কোহলীয়ে। বুধবাৰে বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে কৰিলে ৫০তম শতৰান। এদিনীয়া ক্ৰিকেটত তৈয়াৰ হ’ল নতুন বিশ্বৰেকৰ্ড। ৱাংখেড়েৰ ২২ গজত কোহলীৰ দায়িত্বশীল আগ্ৰাসী বেটিঙে দলক দিলে অন্য এক মাত্ৰা। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইডেন গাৰ্ডেন্সত শচীনৰ মাইলফলক চোৱাৰ পাছৰে পৰাই কোহলীৰ ৫০ শতৰানৰ অপেক্ষাত আছিল ক্ৰিকেট বিশ্ব। সকলোৱে আশা কৰিছিল বিশ্বকাপৰ নতুন বিশ্বৰেকৰ্ড আহিব বিৰাটৰ বেটতেই। ভাৰতৰ প্ৰাক্তন অধিনায়কে কিন্তু ক্ৰিকেট অনুৰাগীক কোনোদিনেই হতাশ কৰা নাই। এইবাৰো ৯২ ৰান কৰাৰ পাছতেই এক আশাই সকলোৰে মনত পোখা মেলিছিল। হঠাতেই কোহলীৰ ভৰি টানি ধৰাৰ বাবে খেল কিছু সময়ৰ বাবে বন্ধও কৰা হৈছিল যদিও পাছলৈ কোহলি আকৌ থিয় হৈ বেট তুলি লয়। ফিজিঅ’ৰ চিকিৎসা গৈ আকৌ বেটিং আৰম্ভ কৰে।
বিশ্বৰ প্ৰথম ক্ৰিকেটাৰ হিচাপে এদিনীয়া ক্ৰিকেটত ৫০ টা শতৰানৰ মাইলফলক স্পৰ্শ কৰে কোহলীয়ে। তাৰপূৰ্বে ৮০ ৰান কৰাৰ লগে লগেই এদিনীয়া বিশ্বকাপত শচীনৰ সকলোতকৈ বেছি ৰান কৰাৰ ৰেকৰ্ডো ভাঙিছিল কোহলীয়ে। ২০০৩ চনৰ বিশ্বকাপত শচীনে কৰিছিল সৰ্বমুঠ ৬৭৩ ৰান। এই দিনটোতেই বিশ্বৰ ষষ্ঠ ক্ৰিকেটাৰ হিচাপে এদিনীয়া বিশ্বকাপত ৭১১ ৰানৰ মাইলফলক স্পৰ্শ কৰিছে বিৰাটে। শচীন, মেথু হেডেন, ডেভিড ৱাৰ্নাৰ, ৰোহিত শৰ্মা আৰু শাকিব আল হাছানেও এই ৰেকৰ্ড গঢ়ি থৈছে।
এই বাৰৰ বিশ্বকাপত অষ্টম বাৰ ৫০ ৰানৰ গণ্ডি পাৰ কৰিলে কোহলীয়ে। তাৰ মাজতেই দুটা ইনিংছত শতৰানো কৰিছে। বাকীসমূহৰ মাজত প্ৰায় তিনি বাৰ শতৰানৰ কাষত আহিও থমকি গৈছিল। বিশ্বকাপত ভাৰতে প্ৰথম মেচ খেলিছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। সেই মেচত কোহলীয়ে কৰিছিল ৮৫ ৰান। তাৰপিছতেই আফগানিস্তানৰ বিৰুদ্ধে অপৰাজিত ৫৫ৰান। পুনেত বাংলাদেশৰ বিৰুদ্ধে ১০৩ ৰান কৰি অপৰাজিত থাকে। তাৰপিছতেই নিউজিলেণ্ডৰ বিৰুদ্ধে ৯৫ৰান কৰে। শ্ৰীলংকাৰ বিৰুদ্ধে ৱানখেড়েতেই ৮৮ ৰান কৰে। তাৰপিছতেই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইডেনত অপৰাজিত ১০১ ৰান কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ