অসম লাইভ২৪ঃ ইনষ্টাগ্ৰামত এটা পোষ্ট কৰাৰ বাবদ কিমান ধন লাভ কৰে বিৰাট কোহলীয়ে? এই পশ্ন বহুতেই গুগলত চাৰ্ছ কৰে। বিৰাটে মাত্ৰ এটা পোষ্টৰ পৰাই আয় কৰে ১৪ কোটি টকা। বৰ্ডৰ সৈতে বিৰাটৰ বাৰ্ষিক চুক্তি ৭ কোটি টকা। তাৰকাসকলৰ সৈতে ইনষ্টাগ্ৰামৰ আছে বিশেষ বিজ্ঞাপনমূলক চুক্তি। বিজ্ঞাপনমূলক এটা এটা পোষ্টৰ বাবে বিৰাটে লাভ কৰে ১৪ কোটি কৈ ধন। এই তালিকাত সমগ্ৰ বিশ্বৰ ভিতৰতে শীৰ্ষত আছে ক্ৰিষ্টিয়ানো ৰোনাল্ডো। দ্বিতীয় স্থানত আছে লিয়োনেল মেছি। ৰোনাল্ডোয়ে ইনষ্টাগ্ৰামত এটা এটা পোষ্ট দিয়াৰ বাবে ভাৰতীয় মুদ্ৰাত লাভ কৰে ২৬কোটি ৭৫লাখ টকা। মেছিয়ে এটা এটা পোষ্টৰ বাবদ লয় ২১ কোটি ৪৯ লাখ টকা।
এই তালিকাত প্ৰথম ২০ গৰাকীৰ মাজত আছে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলি। এই তালিকাত থকা একমাত্ৰ ভাৰতীয়ই হৈছে বিৰাট কোহলী। খেলৰ জগতৰ পৰা বিৰাট থকাৰ ওপৰিও আছে আন এগৰাকী ভাৰতীয়ও এই তালিকাত আছে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে প্ৰিয়ংকা চোপ্ৰা। ৩৪ কোটি ৪০ লাখ টকা এটা পোষ্টৰ বাবদ প্ৰিয়ংকাই লাভ কৰে।
বিৰাটৰ অনুৰাগী কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতেই আছে। টি-২০ বিশ্বকাপত পাছৰে পৰা আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত কোহলিক দেখা নাই যদিও জনপ্ৰিয়তা কিন্তু কোনো দিশতেই কমা নাই বিৰাটৰ। ৭৬ খন আন্তৰ্জাতিক মেচত শতৰান কৰিছে তেওঁ। ১৫ বছৰ ধৰি আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত খেলি আহিছে বিৰাট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ