ভাৰত-পাক খেলঃ শচীনৰ বিশ্ব ৰেকৰ্ড ভংগ কৰাৰ সুবৰ্ণ সুযোগ বিৰাটৰ হাতত, সুযোগৰ সদ ব্যৱহাৰ কৰিবনে বিৰাটে !
চেম্পিয়নছ ট্ৰফীত আজি ২৩ ফেব্ৰুৱাৰী তাৰিখে ভাৰত আৰু পাকিস্তানৰ মাজত ৰোমাঞ্চ তথা উৎকণ্ঠা ভৰা মেচ অনুষ্ঠিত হৈ আছে, য’ত পাকিস্তানে টছ জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। বৰ্তমানলৈ পাকিস্তানে ২ টা উইকেট হেৰুৱাই ১১ অভাৰত ৫৫ ৰান সংগ্ৰহ কৰিছে ।
আনহাতে ভাৰতে নিজৰ জয়েৰে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰাৰ উদ্দেশ্যে কঠোৰ শ্ৰম কৰি আছে। এই গুৰুত্বপূৰ্ণ খেলখনতে বিৰাট কোহলীয়ে শচীন টেণ্ডুলকাৰৰ এক ডাঙৰ অভিলেখ ভংগ কৰাৰ সুৰ্বণ সুযোগ পাইছে।
যদিও শেহতীয়াকৈ বিৰাট কোহলীৰ ফৰ্ম ভাল নহয়, পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ অভিলেখ যথেষ্ট ভাল। এই অভিলেখ ভংগ কৰিবলৈ কোহলীয়ে ডাঙৰ ইনিংছ খেলাৰ প্ৰয়োজন নাই, বিৰাটক মাত্ৰ ১৫ ৰানৰ প্ৰয়োজন।
বিৰাট কোহলীয়ে কেৰিয়াৰত এদিনীয়া ১৪ হাজাৰ ৰান সংগ্ৰহ কৰিবলৈ মাত্ৰ ১৫ ৰান বাকী আছে। এই ১৪ হাজাৰ ৰান সম্পূৰ্ণ কৰা তালিকাত এদিনীয়া ক্ৰিকেটত মাত্ৰ দুজন বেটছমেন আছে। শচীন তেণ্ডুলকাৰ আৰু শ্ৰীলংকাৰ কুমাৰ চাংগকৰা। এই সংখ্যা স্পৰ্শ কৰা তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হ’ব কোহলি।
শচীন টেণ্ডুলকাৰেও ২০০৬ চনৰ ৬ ফেব্ৰুৱাৰীত পেছাৱৰত পাকিস্তানৰ বিৰুদ্ধে ১৪ হাজাৰ ৰান সম্পূৰ্ণ কৰিছিল। ৩৫৯ সংখ্যক খেলৰ ৩৫০ সংখ্যক ইনিংছত এই কৃতিত্ব অৰ্জন কৰে টেণ্ডুলকাৰে। বৰ্তমান বিৰাট কোহলীয়ে ২৯৮খন খেলৰ ২৮৬ ইনিংছত ১৩,৯৮৫ ৰান সংগ্ৰহ কৰিছে, য’ত ৭৩টা অৰ্ধশতক আৰু ৫০টা শতক অন্তৰ্ভুক্ত। ১৪ হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ বিৰাটক মাত্ৰ ১৫ ৰানৰ প্ৰয়োজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ