সেহতীয়া এদিনীয়া বিশ্বকাপত দলক ফাইনেলত জয়ৰ সোৱাদ দিব নোৱাৰিলেও সমগ্ৰ টুৰ্ণামেণ্টত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় ৰান মেচিন বিৰাট কোহলীয়ে। বিশ্বকাপতেই ভংগ কৰে শচীন তেণ্ডুলকাৰৰ ৪৯ টা এদিনীয়া শতকৰ বিশ্বাভিলেখ। বিশ্বকাপৰ পাছতেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত বিশ্ৰাম দিয়া হয় ভাৰতৰ তাৰকা খেলুৱৈগৰাকীক। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগা পৰৱৰ্তী টি-২০ আৰু এদিনীয়া শৃংখলাতো কোহলীয়ে নেখেলাৰ সিদ্ধান্ত লোৱাৰ খবৰে এতিয়া চিন্তাত পেলাইছে খেলুৱৈগৰাকীৰ অনুৰাগীক।
সীমিত অভাৰৰ ক্ৰিকেটৰ পৰা সদ্যহতে নিজকে আঁতৰাই ৰাখিছে বিৰাত কোহলীয়ে। বিশ্বকাপৰ পাছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ পৰা বিৰত থাকি সাময়িক বিশ্ৰাম লৈছে কোহলীয়ে। কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক সীমিত অভাৰৰ শৃংখলাত কোহলীয়ে ভাগ নোলোৱাৰ খবৰে এতিয়া উদ্ৰেক ঘটাইছে প্ৰশ্নৰ। ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলৰ পৰা কোহলীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ চৰ্চা চলিছে বিভিন্ন সংবাদ মাধ্যমত। টি-২০ বিশ্বকাপৰ পূৰ্বে বিৰাট কোহলীৰ দীঘলীয়া বিশ্ৰামে এতিয়া চিন্তিত কৰিছে দেশৰ ক্ৰিকেট অনুৰাগীক।
উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০, এদিনীয়া আৰু টেষ্ট শৃংখলাত ভাগ ল’ব ভাৰতে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩ খন টি-২০, ৩ খন এদিনীয়া আৰু দুখন টেষ্ট মেচত অংশ ল’ব ভাৰতে। আনহাতে, ২০২২ টি-২০ বিশ্বকাপৰ পাছত এখনো আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলত অৱতীৰ্ণ হোৱা নাই বিৰাট কোহলী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ