‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী
কিং কোহলী বিৰাটে সদ্যহতে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰাও অৱসৰ গ্ৰহণ কৰে কোহলীয়ে। এই অৱসৰৰৰ পাছতে এতিয়া কোহলীয়ে ভাৰত ৰত্ন পাব লাগে বুলি দাবী উত্থাপন কৰিছে এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে।
কোহলীৰ বাবে ভাৰত ৰত্নৰ দাবী সুৰেশ ৰাইনাৰ। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই বিৰাট কোহলীক ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰাৰ বাবে দাবী উত্থাপন কৰে।
১৭ মে’ শনিবাৰে জিঅ’ হটষ্টাৰৰ সন্দৰ্ভত মন্তব্য কৰি ৰাইনাই কয় যে, ‘ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে কোহলীৰ দক্ষতা থকা এজন খেলুৱৈয়ে সম্ভৱপৰ সৰ্বোচ্চ স্বীকৃতিৰ যোগ্য। ‘ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে বিৰাট কোহলীক ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা উচিত।
উল্লেখ্য যে, এতিয়ালৈকে এজন ক্ৰিকেটাৰেহে ভাৰতৰত্ন বঁটা লাভ কৰিছে, সেয়া হৈছে শচীন তেণ্ডুলকাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ এবছৰৰ পাছত ২০১৪ চনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন বঁটা প্ৰদান কৰিছিল শচীন তেণ্ডুলকাৰক। বিশ্ব ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন তেণ্ডুলকাৰ।
আনহাতে কোহলীয়ে ২০১৩ চনত অৰ্জুন বঁটা, ২০১৭ চনত পদ্মশ্ৰী আৰু ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান, ২০১৮ চনত খেলৰত্ন বঁটা লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















