ইতিমধ্যে জাতীয় ক্ৰিকেট দলৰ আটাইকেইটা ফৰ্মেটৰ অধিনায়কৰ পৰা অব্যাহতি লৈছে বিৰাট কোহলীয়ে৷
কিন্তু এতিয়াও ৩৩ বছৰীয়া প্ৰাক্তন অধিনায়কগৰাকীয়ে খেলপথাৰৰ ভিতৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷
এই কথাৰ প্ৰমাণ পোৱা গ’ল বুধবাৰে অনুষ্ঠিত হোৱা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ২০টি ক্ৰিকেট মেচখনত৷
উক্ত মেচখনত বিৰাটে অধিনায়ক ৰোহিত শৰ্মাক DRS নল’বলৈ পৰামৰ্শ দিছিল৷ কিন্তু অধিয়ানক ৰোহিতে DRS লৈ অবাবতে নষ্টহে কৰিছিল৷
তেতিয়া মেচখনৰ ৱেষ্ট ইণ্ডিজৰ ইনিংছৰ চলি আছিল৷ ভাৰতীয় স্পীনাৰ যুজবেন্দ্ৰ চাহালে ইনিংছ নৱম অ’ভাৰৰ চতুৰ্থটো ডেলিভাৰী নিক্ষেপ কৰিছিল৷
বলটোৱে গৈ বেটছমেন ৰষ্টন চাছৰ বেট নেলাগি কৰঙৰ ওচৰত লাগিল৷ ব’লাৰ চাহালে এলবিডব্লিউৰ আপীল কৰিলে, লগতে তেওঁক অধিনায়ক ৰোহিতসহ সকলোৱে সমৰ্থন কৰিলে৷ কিন্তু আম্পায়াৰে পতিয়ন নগৈ আউট নিদিলে৷
ইয়াৰ পিছতে ব’লাৰ চাহালে DRSৰ সহায় বিচাৰে৷ অধিনায়ক ৰোহিত শৰ্মাও চাহালৰ অনুৰোধত সন্মত হয়৷ তেনেতে বিৰাট কোহলীৰো পৰামৰ্শ লোৱা হয়৷
বিৰাটে লগে লগে কয় যে DRS ল’ব নালাগে৷ বিৰাটে কয়, বল ‘‘গু**ডত লাগিছে’’৷ কিন্তু অধিনায়ক ৰোহিত আৰু ব’লাৰ চাহালে DRS লয়৷
DRSত লোৱাত দেখা গ’ল যে উক্ত ডেলিভাৰীটো এলবিডব্লিউ নাছিল৷ বিৰাটৰ পৰামৰ্শ নুশনি ভাৰতে এটা DSR অবাবতে হেৰুওৱালে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ