প্ৰথমে আছিল এখন বিদ্যালয়ৰ শিক্ষিয়ত্ৰী৷ সীমিত উপাৰ্জন৷ স্বামীৰ সৈতে সীমিত উপাৰ্জনেৰে সাধাৰণ মধ্যবিত্তীয় জীৱন যাপন৷ দুয়ো স্বামী-স্ত্ৰী এই মধ্যবিত্তীয় জীৱনত অসন্তুষ্ট নাছিল৷ ইয়াৰ পিছতে পত্নীয়ে সলালে জীৱনৰ পথ৷
পত্নীগৰাকী হৈছে ক’ৰ্টনী টিল্লিয়া সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ক’ৰ্টনীৰ মডেল হোৱাৰ চখ আছিল যদিও হৈছিল শিক্ষিয়ত্ৰী৷ ক’ৰ্টনীয়ে শিক্ষকতাৰ বৃত্তি সোমাই মডেলৰ জগতখনত প্ৰৱেশ কৰিব নোৱাৰিলে৷
কিন্তু ক’ৰ্টনীৰ বাবে চ’ছিয়েল মিডিয়াই এই সুযোগ আনি দিলে৷ ক’ৰ্টনীয়ে এডাল্ট চাইট OnlyFansত এটা একাউন্ট খুলিলে৷
একাউন্ট খোলাৰ পিছতে নিজৰ ফ’টো আৰু ভিডিঅ’ আপলোড কৰিবলৈ ধৰিলে৷ সুন্দৰ দেহ গঠনৰ অধিকাৰী ক’ৰ্টনীয়ে কম সময়ৰ ভিতৰতে OnlyFansত অতি জনপ্ৰিয় হৈ উঠে৷
ইয়াৰ মাজতে বিদ্যালয়ৰ কৰ্তৃপক্ষই ক’ৰ্টনীৰ এই কাণ্ডৰ বিষয়ে জানিব পাৰে৷ কৰ্তৃপক্ষই ক’ৰ্টনীৰ স্বামীক মাতি সেই বিষয়ে অৱগত কৰায়৷ স্বামীয়ে কয় যে পত্নী ক’ৰ্টনীক এই ক্ষেত্ৰত তেওঁ সমৰ্থন কৰাই নহয়, সহযোগো কৰি আহিছে৷
ইয়াৰ পিছতে ক’ৰ্টনীয়ে বিদ্যালয়ৰ চাকৰি ত্যাগ কৰে৷ চাকৰি ত্যাগ কৰি ক’ৰ্টনীয়ে স্বামীৰ সহযোগত OnlyFansৰ এডাল্ট চাইট সঘনে ফ’টো আৰু ভিডিঅ’ আপলোড কৰিবলৈ ধৰিলে৷
বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে পইচা ভৰি OnlyFans চাইটত সুন্দৰী ক’ৰ্টনীৰ ফ’টো আৰু ভিডিঅ’ চায়৷ এইদৰে ক’ৰ্টনীয়ে এডাল্ট চাইট OnlyFansৰ পৰা মাহে লক্ষাধিক টকা উপাৰ্জন কৰে৷
প্ৰকাশিত খবৰ অনুসৰি ক’ৰ্টনীয়ে উক্ত এডাল্ট চাইটৰ প্ৰথমে ৫০ হাজাৰ পৰা ১ লাখ টকালৈকে উপাৰ্জন কৰিছিল৷ তেওঁ এতিয়া মাহে ৮১ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷
এইদৰে একালৰ এগৰাকী শিক্ষিয়ত্ৰী ক’ৰ্টনী টিল্লাই এডাল্ট চাইটৰ যোগে এতিয়া কোটিপতিলৈ ৰূপান্তৰ হ’ল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ