অসম লাইভ ২৪ঃ মুক্ত, নিকা আৰু সুৰক্ষিতভাৱে উপ নিৰ্বাচন অনুষ্ঠিত কৰা অৰ্থে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সংযোগ কৰা হৈছে ৱেবকাষ্টিঙৰ ব্যৱস্থা৷ উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ১১৩৫ টা ভোটকেন্দ্ৰত থাকিব ৱেবকাষ্টিঙৰ ব্যৱস্থা৷ ভোটগ্ৰহণ প্ৰক্ৰিয়া পোনপটীয়াকৈ পৰ্যবেক্ষণ কৰিব জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই ব্যৱস্থা কৰিছে ৱেবকাষ্টিঙৰ৷ ইয়াৰ উপৰি প্ৰতিটো ভোটকেন্দ্ৰত সুৰক্ষাৰ বাবে মোটায়েন কৰা হৈছে চি আৰ পি এফ জোৱান৷ গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ উপ নিৰ্বাচন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ