কাইলৈ ১১ জুন ২০২৫ বুধবাৰে চন্দ্ৰই বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ জেঠৰ পূৰ্ণিমা তিথি৷ কাইলৈ পালিত হব জগন্নাথৰ স্নানযাত্ৰা৷ এই কাৰণতেই এই পূৰ্ণিমা তিথি স্নান পূৰ্ণিমা নামেৰে পৰিচিত৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সাধ্য যোগ আৰু শুভ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব জেঠৰ নক্ষত্ৰ আৰু মূল নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ ১১ জুন শুভ দিন হব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷ নিজৰ সকলো কামেই কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ ধ্যান আৰু যোগাসন কৰি নিজৰ মানসিক শক্তি বঢ়াব পাৰে মেষ ৰাশিৰ জাতকে৷ আয় বঢ়াৰ সৈতে কাইলৈ সমাজত সন্মান আৰু প্ৰতিপত্তিও বাঢ়িব৷
কৰ্কট ৰাশি
কাইলৈ দিনটো সিদ্ধিদাতাৰ কৃপাত দুৰ্দান্ত হব কৰ্কট ৰাশিৰ জাতকৰ৷ নিজৰ উপাৰ্জন বৃদ্ধিৰ বাবে কাইলৈ বহু সময় আৰু এনাৰ্জি ব্যয় কৰিব আপুনি৷ সন্ধিয়াৰ পাছত বন্ধুৰ সৈতে ভাল সময় কটাব৷ কাইলৈ কঠোৰ পৰিশ্ৰমৰ জোৰত সাফল্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত সাফল্যৰ শীৰ্ষত উপনীত হোৱাৰ সুযোগ পাব৷ অফিচৰ মেনেজমেণ্টে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















