অসম লাইভ২৪ঃ বুধবাৰে জন্ম লোৱা ব্যক্তিসকলৰ বুধগ্ৰহৰ সৈতে বিশেষ সংযোগ থাকে। বুধবাৰৰ দিনটো দেৱতাসকলৰ মাজৰ প্রধান দেৱতা গণেশৰ দিন বুলি মনা হয়। গণেশ বুদ্ধিৰ দেৱতা। সেয়ে বুধবাৰে জন্ম লোৱা ব্যক্তিসকল বুদ্ধিয়ক হয় বুলি শাস্ত্ৰজ্ঞসকলে ক’ব খোজে। বুধবাৰে জন্ম হোৱা ব্যক্তিসকলে বুদ্ধিৰ প্ৰয়োগেৰে ধন আহৰণ কৰিব পাৰে। এই বাৰত জন্ম হোৱা ব্যক্তি বেছিসংখ্যকেই চৰকাৰী চাকৰিয়াল হয়। কিন্তু বুধবাৰে জন্মলোৱা ব্যক্তিসকলে কোনো ঠাইত স্থায়ীভাৱে কাম কৰি থাকিব নোৱাৰে। কিয়নো এই বাৰত জন্ম ব্যক্তিৰ ধন আহৰণৰ তীব্ৰ প্ৰৱণতা থাকে যাৰবাবে ভালকৈ ধন আহৰণ কৰিব পৰা কাম তেওঁলোকে অনবৰতেই বিচাৰি থাকে। সোনকালেই প্ৰমোছন আৰু ইনক্ৰিমেণ্ট লাভ কৰিব পৰা চাকৰিৰ প্ৰতিহে তেওঁলোক আগ্ৰহী।
বন্ধুত্বৰ সম্পৰ্ক তেওঁলোকে ভালকৈ ধৰি ৰাখিব পাৰে
বুধবাৰে জন্ম লোৱা ব্যক্তিসকলৰ এটা কথা খুবেই অদ্ভুত যে এওঁলোকে বন্ধুত্বৰ সম্পৰ্ক সুচাৰুৰূপে জীয়াই ৰাখিব জানে। মনে নিমিলা মানুহৰ সৈতেও এই বাৰত জন্ম ব্যক্তিয়ে সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে। এওলোকৰ বন্ধুত্বৰ তালিকাত ভাল আৰু বেয়া দুইধৰণৰ ব্যক্তিয়েই থাকে।
বৈবাহিক জীৱন কেনে হয়?
বুধবাৰে জন্ম হোৱা ব্যক্তিৰ বৈবাহিক জীৱন মসৃণ হয় বুলি জ্যোতিষসকলে দাবী কৰে। এই বাৰত জন্ম ব্যক্তি গুণবান হোৱাৰ লগতে বৈবাহিক জীৱন এওঁলোকৰ খুবেই মসৃণ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ