আগন্তুক সোমবাৰ ১ ছেপ্টেম্বৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হব সেই সপ্তাহত থাকিব ধনলক্ষ্মী যোগৰ প্ৰভাৱ৷ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত ধনু ৰাশিত চন্দ্ৰ আৰু বৃহস্পতিৰ মিলনত গঠিত হব ধনলক্ষ্মী যোগ৷ জ্যোতিষশাস্ত্ৰত অত্যন্ত শুভ এই যোগ৷ কোন কোন ৰাশিৰ জাতকৰ জীৱনত সম্পদ, সন্মান আৰু সাফল্য আহিব? মেষ আৰু মিথুনসহ পাঁচ ৰাশিৰ জাতকে আগন্তুক সপ্তাহত সকলো কামতেই বিশেষ সাফল্য লাভ কৰিব৷ বিশেষকৈ আৰ্থিকভাৱে এওঁলোকৰ জীৱনত উন্নতি হব৷ জানি থওক ১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰৰ ভিতৰত ধনলক্ষ্মী যোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত মেষ ৰাশিৰ জাতকৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু সাফল্য আহিব৷ আগন্তুক সপ্তাহত নিজৰ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ লাভ কৰিব আপুনি৷ যিসকলে বহুদিন ধৰি চাকৰিৰ বাবে চেষ্টা কৰিছে তেওঁলোকে এই সময়ত চাকৰি লাভ কৰিব পাৰে৷ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰো সুযোগ পাব মেষ ৰাশিৰ জাতকে৷ কোনো বন্ধু বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় পাব৷
মিথুন ৰাশি
সপ্তাহৰ আৰম্ভণিতেই কোনো চিনিয়ৰ ব্যক্তিৰ পৰা কামৰ প্ৰশংসা পাব মিথুন ৰাশিৰ জাতকে৷ ৰাজনীতিৰ সৈতে যিসকল যুক্ত তেওঁলোকে উচ্চপদ আৰু দায়িত্ব লাভ কৰিব পাৰে৷ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ এই সময়ত এনাৰ্জি আৰু আত্মবিশ্বাসেৰে তুংগত থাকিব মিথুন ৰাশিৰ জাতক৷ ধন হাতলৈ আহিব পাৰে৷ মাটি-ঘৰ ক্ৰয় কৰিলে লাভৱান হব৷
বৃশ্চিক ৰাশি
ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহ অত্যন্ত লাভজনক হব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ বহু দিন ধৰি ৰৈ থকা প্ৰমোছন বা ট্ৰেন্সফাৰ এইসময়ত হব পাৰে৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ সকলোৰে সহায় পাব৷ ক্ষমতাশালী কোনো ব্যক্তিক নিজৰ কাষত পাব বৃশ্চিক ৰাশিৰ জাতকে৷ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকেও সাফল্য পাব৷
ধনু ৰাশি
সপ্তাহৰ আৰম্ভণিতে অফিচত নতুন কামৰ দায়িত্ব পাব ধনু ৰাশিৰ জাতকে৷ এই কাৰণতেই আপোনাৰ ওপৰত কামৰ চাপ বাঢ়িব৷ সকলো কামেই আপুনি ভালধৰণে সম্পন্ন কৰিব পাৰিব৷ সপ্তাহৰ দ্বিতীয়ভাগত আপোনাৰ মন ধৰ্মীয় আৰু সামাজিক কামৰ প্ৰতি আগ্ৰহী হৈ উঠিব৷ এই সময়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো পৰিয়ালৰ সদস্যক কাষত পাব৷ পাৰ্টনাৰৰ সৈতে কোৱালিটি টাইম কটাব৷
কুম্ভ ৰাশি
আগন্তুক সপ্তাহৰ আৰম্ভণিতে কোনো সুখবৰ লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ এই সময়ত আপুনি নিজৰ বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাপৰা বাঢ়িব৷ ইয়াৰ ফলত সকলো সমস্যাৰ সমাধান হব৷ কৰ্মক্ষেত্ৰত পছন্দমতে স্থান সলনি হব পাৰে৷ অফিচত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















