আগন্তুক সোমবাৰ ২৩ জুনৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হব সেই সপ্তাহত গঠিত হব ভাস্কৰ যোগ৷ জুন মাহৰ শেষ সপ্তাহত সূৰ্যৰ পৰা দ্বিতীয় ঘৰত গোচৰ কৰিব বুধে৷ আকৌ চন্দ্ৰৰ পৰা একাদশ ঘৰত দূৰৈত অৱস্থান কৰিব সূৰ্যই৷ ইয়াৰ ফলত গঠিত হব ভাস্কৰ যোগ৷ জ্যোতিষশাস্ত্ৰই কৈছে যে ভাস্কৰ যোগৰ শুভ প্ৰভাৱত সম্পদ, সমৃদ্ধি আৰু সাফল্য লাভ হয়৷ জানি থওক ভাস্কৰ যোগৰ প্ৰভাৱত ২৩ জুনৰ পৰা ২৯ জুনৰ ভিতৰত এই সপ্তাহত ভাগ্য চমকি উঠিব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
জুনৰ শেষ সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতেই কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব৷ নিজৰ কামৰ বাবে কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সুনজৰত আহিব৷ কোনো প্ৰিয় সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















