বয়স, ক্লান্তি, মানসিক চাপ আৰু আধুনিক জীৱন যাত্ৰাই মানুহৰ যৌন জীৱনত বহুখিনি প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ বাহিৰে খাদ্যাভাসেও হ্ৰাস কৰিব পাৰে যৌন জীৱন আৰু দৈহিক শক্তি। এই সকলোবোৰৰ পৰা মুক্তি পাবলৈ প্ৰাচীন কালৰে পৰা প্ৰচলিত কিছু ঘৰুৱা খাদ্য আৰু পানীয়ই আমাক সহায় কৰি আহিছে। এনে কিছু খাদ্যই আমাক এক সুস্থ সবল দেহ প্ৰদান কৰিব পাৰে আৰু লগতে এক সুস্থ যৌন জীৱন পোৱাত সহায় কৰিব পাৰে।
নহৰু: পৌৰাণিক কালৰে পৰাই নহৰুৰ ঔষধি গুণবোৰ যৌন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উত্তম বুলি জনা যায়। লগতে ই পুৰুষৰ দেহত শক্তিবৰ্ধক হিচাপে কাম কৰে। নহৰুৱে শৰীৰত তেজ পৰিশোধন কৰে আৰু তেজৰ চলাচল বৃদ্ধি হোৱাত অধিক সহায় কৰে। নহৰুত থকা ‘এলিচিন’ নামৰ পদাৰ্থ বিধে শৰীৰত সঠিক ৰূপত তেজৰ চলাচল কৰাৰ বাবে সহায়ক হয় আৰু লগতে যৌন উত্তেজনা বৃদ্ধিত সহায় কৰে। ইয়াৰোপৰি, নহৰুৱে আমাৰ দেহক বহু ধৰণৰ সংক্ৰমণৰ পৰাও ৰক্ষা কৰে৷ সেয়েহে পুৰুষ বা মহিলাই নহৰুক খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰাতো নিত্যান্তই প্ৰয়োজন।
লগতে পঢ়ক অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!
এভ’কেডো: এই ফলবিধ বিদেশত খুবেই জনপ্ৰিয় আৰু ভাৰতত ইয়াক বিদেশৰ পৰা আমদানি কৰা হয়। এভ’কেডো যৌন শক্তি বৃদ্ধিত সহায়ক হয়। ইয়াত ফলিক এচিড আৰু পটাচিয়ামৰ মাত্ৰা বেছি থকাৰ বাবে ই শক্তি আৰু যৌন প্ৰৱণতা বৃদ্ধিত সহায় কৰে।
তৰমুজ: তৰমুজো দেহৰ যৌন প্ৰৱণতা বৃদ্ধিৰ বাবে সহায়ক। ইয়াত ‘চিত্ৰলাইন’ নামৰ এবিধ এমিন’ এচিড থাকে, যিয়ে আমাৰ দেহত আৰজিনাইন এমিন’ এচিড বৃদ্ধি কৰে। ফলস্বৰূপে ই শৰীৰৰ শিৰাসমূহ শিথিল কৰে আৰু যৌন প্ৰৱণতা বৃদ্ধি কৰাৰ উপৰিও যৌনাংগক অধিক কৰ্মথ কৰি তোলে। তৰমুজ ভায়েগ্ৰাৰ নিচিনাকৈ ইৰেক্তাইল দিচফাংচন ৰোধ কৰাত সহায়ক হয়।
লগতে পঢ়ক অৱসৰ বিনোদনতে ঘটিল দুৰ্ঘটনা! সাগৰৰ ঢৌত উটি গ’ল পিতৃসহ দুই সন্তান
পাচলি: যৌন উত্তেজনাৰ ওপৰত কৰা বহু গৱেষণাই ইতিমধ্যে প্ৰমাণ কৰিছে যে, বতৰৰ পাচলিসমূহেও আমাৰ যৌন জীৱন প্ৰভাৱিত কৰিব পাৰে। বতৰৰ পাচলি যেনে— গাজৰ, তিয়ঁহ, পিঁয়াজ, বেঙেনা আৰু পালেং শাকে আমাৰ শৰীৰক সুস্থ ৰাখি আমাৰ যৌন সংগমৰ প্ৰৱণতা বৃদ্ধি কৰে।
কণী: কণীৰ ভক্ষণেও যৌন জীৱনত প্ৰভাৱ পেলায়। কণীত থকা ভিটামিন B-5 আৰু B-6 য়ে মানসিক চাপ হ্ৰাস কৰে, যিয়ে উত্তেজনা বৃদ্ধিত সহায় কৰে। কণীত থকা আন উপাদানসমূহেও দেহক শক্তিশালী আৰু সুস্থ কৰি ৰাখে।
ফল: কিছুমান ফলেও আমাৰ যৌন জীৱনত ভালেখিনি প্ৰভাৱিত কৰিব পাৰে। আপেল, কল, চেৰি, নাৰিকল, খেজুৰ, আম, আঙুৰ, অমিতা, ডালিম, ৰেস্পবেৰি আদি ফলসমূহ ইয়াৰ বাবে জনাজাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ