ধনশ্ৰী আৰু য়ুজবেন্দ্ৰ চহলৰ বিচ্ছেদৰ কাৰণ কি? প্ৰকাশ পাইছে আঁৰৰ কাহিনী
হাৰ্ডিকৰ পাছত শেহতীয়াকৈ ভৰাতীয় ক্ৰিকেট দলৰ আন এগৰাকী সদস্য য়ুজবেন্দ্ৰ চহলৰ বিবাহ বিচ্ছেদ হয়। ধনশ্ৰী ভাৰ্মাৰ পৰা বিবাহ বিচ্ছেদ হয় চহলৰ।
অৱশ্যে বিচ্ছেদৰ কাৰণ কি সেয়া জানিব পৰা হোৱা নাছিল। কোৱা হৈছে যে, বিয়াৰ দুবছৰৰ পিছৰে পৰা দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হ’বলৈ ধৰিছিল আৰু দুয়ো পৃথকে পৃথকে বাস কৰিছিল। অৱশেষত পোহৰলৈ আহে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আঁৰৰ প্ৰকৃত কাৰণ।
ধনশ্ৰী আৰু য়ুজবেন্দ্ৰৰ বিচ্ছেদৰ আঁৰৰ আচল কাৰণ সদৰি কৰিছে প্ৰবীণ সাংবাদিক বিকি লালৱানীয়ে। তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে দুয়োৰে বিবাহ বিচ্ছেদৰ আঁৰৰ আচল কাৰণ হিচাপে ভিকি লালৱানীয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম পোষ্টত এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি কয় যে য়ুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ মাজত বিচ্ছেদৰ কাৰণ আছিল ধনশ্ৰীৰ মুম্বাইত থকাৰ ইচ্ছা।
নৃত্য কৰি ভালপোৱা ধনশ্ৰীয়ে স্বামী ক্ৰিকেটাৰক হাৰিয়ানাৰ ঘৰৰ পৰা ওলাই আহি মুম্বাইত বাস কৰাৰ কথা কৈছিল। ধনশ্ৰী আৰু য়ুজবেন্দ্ৰৰ ব্যক্তিত্ব ইজনে সিজনৰ পৰা সম্পূৰ্ণ পৃথক। ধনশ্ৰীয়ে মুম্বাইত থকাৰ কথা ভৱাৰ বিপৰীতে য়ুজীয়ে হাৰিয়ানাত পিতৃ-মাতৃৰ সৈতে থকাৰ কথা ভাৱিছিল। যাৰ বাবেই প্ৰায়ে মতানৈক্য হৈছিল দুয়োৰে মাজত।
অৱশেষত দুয়ো নিজৰ মতাদৰ্শ নিমিলাত বিচ্ছেদ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া এই পোষ্টটোত উল্লেখ কৰা কথাবোৰ কিমান সত্য সেয়া কেৱল ধনশ্ৰী আৰু চহলেহে জানে। কাৰণ দুয়োজনে বিবাহ বিচ্ছেদৰ কাৰণ এতিয়াও ৰাজহুৱাকৈ প্ৰকাশ কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ