টোপনিয়ে আমাৰ স্বাস্থ্য সঠিক কৰি ৰাখে। যদি আমি টোপনি সঠিক কৰি ৰাখিব নোৱাৰো, তেন্তে ইটোৰ পিছত সিটো সমস্য়াই দেখা দিব পাৰে। গোটেই নিশা টোপনি যোৱাৰ পিছতো বহুতে ভাগৰুৱা অনুভৱ কৰে। খোৱা-বোৱা সঠিক কৰাৰ পিছতো ঠিক কৰিব নোৱাৰে। কিন্তু এয়া স্বাভাৱিক নে? চিকিৎসকে কি কয়?
আইৰণৰ অভাৱ আৰু ৰক্তহীনতা
শৰীৰত হিম’গ্লবিন কম হ’লে অক্সিজেন পৰিবহণ সঠিকভাৱে নহয়। ফলত টোপনিৰ পাছতো শৰীৰ দুৰ্বল অনুভৱ হয়। টোপনি অহা।
বেয়া টোপনি
নেচনেল স্লিপ ফাউণ্ডেচনৰ তথ্য অনুসৰি প্ৰাপ্তবয়স্কৰ বাবে গভীৰ টোপনি অতি প্ৰয়োজনীয়। যদি আপুনি ঘণ্টাৰ পিছত ঘণ্টা শুই থাকে কিন্তু তথাপিও সঘনাই সাৰ পায় আৰু গভীৰ টোপনি নাহে, তেন্তে আপোনাৰ শৰীৰে সঠিকভাৱে ৰিচাৰ্জ হোৱা নাই। আপোনাৰ ফোনটো স্ক্ৰল কৰিলে, দেৰিলৈকে শুই থাকিলে, বা উজ্জ্বল লাইট আৰু শব্দ থকা কোঠাত শুলে এই সমস্যা আৰু বেছি বেয়া হয়।
টোপনিৰ এপনিয়া
টোপনিৰ সময়ত যেতিয়া বাৰে বাৰে উশাহ বন্ধ হৈ যায় তেতিয়া মগজুৱে বাৰে বাৰে সাৰ পায়, যিটো আমি উপলব্ধি নকৰো। ফলত ৰাতিপুৱা সাৰ পোৱাৰ পিছতো ভাগৰ লাগি থাকে। পৰামৰ্শদাতা পালমোন’লজিষ্ট ডাঃ সন্দীপ ঘোষৰ মতে, “বহুতে নাজানে যে তেওঁলোক স্লিপ এপনিয়াত আক্ৰান্ত হৈছে। নিয়মীয়াকৈ টোপনিৰ পিছতো ভাগৰুৱা অনুভৱ কৰাটো এটা প্ৰধান লক্ষণ।”
থাইৰয়ডৰ সমস্যা
বিশেষকৈ হাইপ’থাইৰয়ডিজম হ’লে শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়, যাৰ ফলত অত্যধিক ভাগৰ আৰু টোপনি অহা হয়।
মানসিক চাপ আৰু হতাশা
নেচনেল ইনষ্টিটিউট অৱ মেন্টেল হেল্থৰ তথ্য অনুসৰি হতাশাই স্বাভাৱিক টোপনিৰ চক্ৰত ব্যাঘাত জন্মায়। এনে ক্ষেত্ৰত শুই থকাৰ সময়তো মগজুৱে জিৰণি নাপায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















