অসম লাইভ২৪ঃ চন্দ্ৰৰ দক্ষিণ মেৰুৰ সফল অভিযানৰ পাছতেই পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোক লৈ চৰ্চা চলিছে। হাতৰ মুঠিত জোনবাই। জোনবাইত কি আছে? আমি শুনি অহা স্বৰ্গখন চন্দ্ৰপৃষ্ঠই নেকি? তাতেই দেৱতাসকল আছে নেকি? চন্দ্ৰপৃষ্ঠ বুলি বিজ্ঞানী কৈ অহা সেই পৃষ্ঠত কি আছে? অলেখ কৌতুহল। চাহদোকানৰ আড্ডাৰ পৰা পৰা অঘোণী আইতাৰ বিয়নীমেললৈকে সকলোতেই এতিয়া চন্দ্ৰযানৰে চৰ্চা। এই কৌতুহলৰ উত্তৰসমূহ এটা এটাকৈ ইছৰোই দিছে। মহাশূন্যতো পৃষ্ঠ আছে সেই পৃষ্ঠত কি কি খনিজ আছে? মধ্যাকৰ্ষণ নাথাকিলে কেনেকৈ খোজকাঢ়িব পাৰি সকলোবোৰ তথ্যই এতিয়া দিবলৈ আৰম্ভ কৰিছে বিজ্ঞানীৰ দলে।
ভাৰতে চন্দ্ৰৰ বুকুলৈ মহাকাশযান পঠিয়াইছে। সেই মহাকাশযানখনে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পাছতেই শুকুৰবাৰে বিক্ৰমৰ বুকুৰ পৰা চন্দ্ৰপৃষ্ঠলৈ নামিছে ৰোভাৰ প্ৰজ্ঞান। পৃথিৱীৰ হিচাপে আগন্তুক ১৪ দিন বিক্ৰম আৰু প্ৰজ্ঞানে কাম কৰিব চন্দ্ৰপৃষ্ঠত। ইছৰোৰ এই সাফল্যই প্ৰথম বিশ্বৰ প্ৰতিখন দেশকেই আজি ভাৱিবলৈ বাধ্য কৰাইছে ভাৰত প্ৰযুক্তিৰে বহুদূৰ বাট আগুৱাই যোৱাৰ কথা। ভাৰতৰ এই সফলতাৰ লগে লগেই আমেৰিকাইয়ো ৫০ বছৰ পুৰণি সেই দিনবোৰ সোঁৱৰিছে। কেনেকৈ তেওঁলোকে চন্দ্ৰলৈ মানৱ যান পঠিয়াইছিল?
এপল’-১১ মিছনত চন্দ্ৰৰ বুকুলৈ মানৱ যান পঠিয়াইছিল আমেৰিকাই। আমেৰিকান গৱেষণা সংস্থা নাছাই ৫০ বছৰ পূৰ্বেই চন্দ্ৰত অভিযান চলাইছে। অৱশ্যে বৰ্তমানলৈকে দক্ষিণ মেৰুত অভিযান চলোৱা নাই কোনো দেশেই। ভাৰতেই প্ৰথমখন দেশ যিয়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান আৰম্ভ কৰিছে। সেয়া যিয়েই নহওক কিয় নাছাই ৫০ বছৰ পূৰ্বে পঠিওৱা মানৱ যানত প্ৰথম চন্দ্ৰলৈ গৈছিল নীল আৰ্মষ্ট্ৰং আৰু এডুইন অলড্ৰিন। কেনেকৈ সেই অভিযান চলিছিল চন্দ্ৰত?
চন্দ্ৰৰ পৰা ঘূৰি আহি একাধিক সাক্ষাৎকাৰত বহু কথাই প্ৰকাশ কৰিছিল আমেৰিকান মহাকাশচাৰীজনে। তেঁওলোকে চন্দ্ৰ পৃষ্ঠত কটোৱাৰ সমূহ বিৱৰণ দাঙি ধৰিছিল। চন্দ্ৰত মুঠ ২১ ঘণ্টা ৩৬ মিনিট কটাইছিল আমেৰিকাৰ দুগৰাকী বিজ্ঞানীয়ে। এই সময়ত নানান অসুবিধাৰ মোকাবিলা কৰিব লগা হৈছিল মহাকাশচাৰী দুজনে। অৱশ্যে ইতিহাসত নাম লিপিবদ্ধ কৰাৰ তুলনাত এই কষ্ট তেনেই নগণ্য। নাছাৰ এটা ৰিপৰ্টত প্ৰকাশ কৰা অনুসৰি মহাকাশত মানুহ পঠোৱাৰ পৰিকল্পনা যি দিনাৰ পৰা আৰম্ভ হৈছে সেই দিনাৰ পৰাই গৱেষকসকলৰ মুখ্য চিন্তা হৈ পৰিছিল মলমূত্ৰ ত্যাগৰ কথাটো। চন্দ্ৰপৃষ্ঠলৈ যাত্ৰা কৰা মহাকাশচাৰীয়ে কেনেকৈ মলমূত্ৰ ত্যাগ কৰিব? চন্দ্ৰত উপস্থিত হৈ কেনেকৈ মলমূত্ৰ ত্যাগ কৰিছিল এই কথা নাছাৰ মহাকাশচাৰী নীল আমষ্ট্ৰঙে কৈ গৈছে।
যিখন মহাকাশযানত চন্দ্ৰলৈ গৈছিল সেই যানত মলমূত্ৰ ত্যাগৰ বাবে শৌচাগাৰৰ ব্যৱস্থা নাছিল। মলমূত্ৰ ত্যাগৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা প্লাষ্টিকৰ বেগ পঠিয়াইছিল নাছাই। মূত্ৰত্যাগৰ বাবে কণ্ডমৰ দৰে এবিধ প্লাষ্টিক পঠিয়াইছিল। তাৰমাধ্যমেৰেহে চন্দ্ৰপৃষ্ঠত প্ৰস্ৰাৱ কৰিব লগা হৈছিল মহাকাশচাৰী কেইজনে। কেৱল পুৰুষ মহাকাশচাৰীৰ সুবিধামতেহে এই বিশেষ প্লাষ্টিক পঠিয়াইছিল নাছাই। মলত্যাগৰ বাবেও আছিল পৃথক প্লাষ্টিক। পৰবৰ্তীসময়ত যিসকল চন্দ্ৰলৈ গৈছে তেওঁলোকেও এই পদ্ধতিয়েই মানি চলিছিল। মলভৰ্তী সেই বেগসমূহ চন্দ্ৰ পৃষ্ঠতেই পেলাই থৈ আহিছিল মহাকাশচাৰীসকলে।
চন্দ্ৰৰ সময়ৰ হিচাপ পৃথিৱীৰ সৈতে একেই নহয়। তাত সকলোবোৰেই ধীৰ গতিত চলে। এপল-১১ ৰ অভিযানত থকা মহাকাশচাৰীসকলৰ মলমূত্ৰ ত্যাগৰ সমগ্ৰ প্ৰক্ৰিয়াতেই পৃথিৱীৰ সময়ৰ হিচাপত সময় লাগিছিল ৪৫ মিনিটৰো বেছি। আৰ্মষ্ট্ৰং আৰু এলড্ৰিণে যেতিয়া চন্দ্ৰপৃষ্ঠত নামিছিল তেওঁলোকে তেতিয়া ডায়পাৰ পৰিধান কৰিছিল। এলড্ৰিণে এই সন্দৰ্ভত সেই সময়ত দিয়া এক সাক্ষাৎকাৰত এই কথা জনাইছিল। চন্দ্ৰত থকাৰ সময়ত আৰ্মষ্ট্ৰং আৰু এলড্ৰিণৰ খাদ্যৰ মেনু কি আছিল সেই কথাও তেওঁলোকে সাক্ষাৎকাৰটোত জনাইছিল।
চন্দ্ৰত থাকোতে তেওঁলোকে কফি আৰু বেকন লৈছিল। ইয়াৰোপৰি কেইবাবিধো পাচলি আৰু গোমাংস খাদ্যৰ তালিকাত আছিল। মেনুত আছিল আঙুৰ, কমলাৰ ৰস, ষ্ট্ৰবেৰী আৰু পিচ ফল। চন্দ্ৰলৈ যাত্ৰা কৰাৰ পূৰ্বে নাছাই খাদ্য কি কি নিলে ভাল হয় সকলো পৰীক্ষা কৰি লৈছিল। বহুতেই কিন্তু মানৱ যান পঠিওৱাৰ বিষয়টোৰ বিৰোধীতাও কৰিছিল। আমেৰিকাৰে একাংশ নাগৰিকে মানৱযান পঠিওৱাৰ বিৰুদ্ধাচৰণ কৰি বিক্ষোভত নামিছিল। সকলো বাধা ঠেলি নাছাই সিদ্ধান্তত অটল হৈ এই যাত্ৰা আগবঢ়াই নিলে।
প্ৰথম মানৱ যান পঠিওৱাৰ সময়ত নাছাৰ বাজেট আছিল ২৪৫০ ডলাৰ। নাছাৰ এই কাৰ্যকলাপৰ বিৰুদ্ধাচৰণ কৰা একাংশ জনগণৰ বক্তৱ্য আছিল যে এই ধন জীৱনপ্ৰণালীৰ উন্নীতকৰণত খৰচ কৰক। চন্দ্ৰত মানুহ পঠিওৱাৰ কামত এই ধন খৰচ কৰাটো অৰ্থহীন কাম। বিক্ষোভ চলিলেও নাছাই কিন্তু নিজৰ অভিযান বাতিল নকৰিলে। চন্দ্ৰলৈ গৈ আৰ্মষ্ট্ৰং আৰু এলড্ৰিনে বহু তথ্য প্ৰেৰণ কৰিলে। ছবি, ভিডিঅ’ প্ৰেৰণ কৰাৰ ওপৰিও চন্দ্ৰৰ মাটিত আমেৰিকাৰ পতাকা পুতি থৈ আহিল।
চন্দ্ৰপৃষ্ঠত ২১ ঘণ্টা বাহিৰত ঘূৰি ফুৰি কটালে নাছাৰ মহাকাশচাৰীয়ে। চন্দ্ৰৰ হিচাপত তেওঁলোকে তাত ২ ঘণ্টা ৩০ মিনিট সময় কটাইছিল। তাৰ পিছতেই লুনাৰ মডিউললৈ তেওঁলোক উভতি যায়। আৰ্মষ্ট্ৰঙে চন্দ্ৰযাত্ৰাত বহু সমস্যাৰ সন্মুখীন হৈছিল। কৰোবাত সামান্য খেলিমেলি হলেই প্ৰাণৰ বিপদ। চন্দ্ৰতেই মৃত্যক সাবটিব লাগিব। আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে এই সমগ্ৰ বিষয়টোক লৈ নাছাক যথেষ্ট সহায়ো কৰিছিল।
পৃথিৱীলৈ উভতি অহাৰ পাছত ২১ দিন আৰ্মষ্ট্ৰং আৰু এলড্ৰিণক হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল। চন্দ্ৰৰ পৰা কোনো জীৱাণু গাত লাগি আহিব পাৰে বুলি সমগ্ৰ পৰীক্ষা নিৰীক্ষা কৰা হৈছিল দুয়োৰে। কোৱাৰেণ্টাইনত থকাৰ সময়তে ৩৯ তম জন্মদিনো পালন কৰা হৈছিল আৰ্মষ্ট্ৰঙৰ। ১৯৬৯ চনৰ পৰা ১৯৭২ চন পৰ্যন্ত চন্দ্ৰৰ মাটিত ৬খনকৈ আমেৰিকাৰ ৬খনকৈ পতাকা পোতা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ