অসম লাইভ ২৪ঃ হোৱাটছএপে আপডেটযোগে পুনৰ এটা নতুন সুবিধা লৈ আহিছে। সোনকালেই নিজকে নিজে মেচেজ দিব পাৰিব আপুনি। সকলোৱে প্ৰতিদিনে হোৱাটছএপত অসংখ্য বাৰ্তা প্ৰেৰণ কৰে। বন্ধু আৰু প্ৰিয়জনক বাৰ্তা প্ৰেৰণ কৰাৰ সহজ উপায় হোৱাটছএপ। বৰ্তমান এই জনপ্ৰিয় মেচেজিং এপটোত নিজকে মেচেজ কৰাৰ কোনো উপায় সংযোজন কৰাৰ চিন্তা কৰিছে প্ৰতিষ্ঠানটোৱে। হোৱাটছএপ প্ৰতিষ্ঠানটোৱে এপটোত মেচেজ ইয়োৰচেল্ফ ফিচাৰ যোগ কৰিছে। তাত আপুনি যেতিয়াই বিচাৰে আপোনাক প্ৰয়োজন হোৱা যিকোনো বাৰ্তা সাঁচি ৰাখিব পাৰিব। টোকাবোৰৰ উপৰিও, ফটো, ভিডিঅ’ আৰু অডিঅ’ ফাইলো সংৰক্ষণ কৰিব পাৰিব হোৱাটছএপত।
হোৱাটছএপে এই সুবিধাটো এণ্ড্ৰ’ইড আৰু আইঅএছ গ্ৰাহকলৈ লৈ আহিছে। কোম্পানীৰ মতে, এই সুবিধাটো অহা কেইসপ্তাহমানৰ ভিতৰত সকলো গ্ৰাহকৰ ফোনত উপলব্ধ হ’ব। গতিকে আপুনিও এই নতুন সুবিধাটো ব্যৱহাৰ কৰিবলৈ বেছি সময় অপেক্ষা কৰিব নালাগে।
‘মেচেজ ইয়োৰচেল্ফ’ সুবিধা কেনেদৰে ব্যৱহাৰ কৰিব?
এই সুবিধাটো হোৱাটছএপৰ পৰা আপডেট প্ৰেৰণ কৰাৰ পিছতহে ব্যৱহাৰ কৰিব পাৰিব। অন্য লোকৰ নম্বৰত মেছেজ দিয়া ধৰণেই নিজে নিজৰ নম্বৰত মেছেজ দিব পাৰিব আপুনি। নিজে নিজক মেছেজ কৰি ৰখা তথ্য বা বাৰ্তাখিনি সকলো সময়তে আপোনাৰে মোবাইলত থাকিব। এইটো সংযোজনটোৱে সঞ্চয় কৰাৰ ধৰণেই কাম কৰিব। টোকাবোৰ দ্ৰুততাৰে সঞ্চয় কৰাৰ এই সুবিধাটো উপযোগী হ’ব। একে সময়তে, এই সুবিধাটো ভৱিষ্যতৰ বাবে ছবি বা ভিডিঅ’ সংৰক্ষণ কৰিবলৈও উপযোগী হ’ব। আনকি আপুনি নিজৰ বাবে ভইচ মেছেজ সংৰক্ষণ কৰিব ৰাখিব পাৰিব। একপ্ৰকাৰৰ এখন ব্যক্তিগত ডায়েৰীৰ দৰে কাম কৰিব হোৱাটছএপৰ এই আপডেটটোৱে।
মেছেজ ইয়োৰচেল্ফৰ সুবিধাটোক লৈ আশাবাদী হোৱাটছএপ প্ৰতিষ্ঠানটো। এই আপডেটটোৱে মানুহৰ নিজৰ দৈনন্দিন জীৱনৰ লাগতিয়াল তথ্যসমূহ সংগ্ৰহ কৰিব ৰাখিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ