সংসাৰত শান্তি, সমৃদ্ধি আনিবলৈ বাস্তুশাস্ত্ৰৰ ভূমিকা আছে বুলি মত বিশেষজ্ঞসকলৰ৷ বাস্তুশাস্ত্ৰমতে, ঘৰত থকা নানান সামগ্ৰীয়ে সংসাৰৰ শ্ৰীবৃদ্ধিত ভূমিকা পালন কৰে৷ সেই তালিকাত আছে ঝাড়ু৷ ধৰ্মীয়মতে, মা লক্ষ্মীৰ প্ৰতীক হৈছে ঝাড়ু৷ সৌভাগ্যৰ বাবে ঘৰ পৰিষ্কাৰৰ এই ঝাড়ু কিনিব লাগে সঠিক সময়ত৷ তেতিয়াহে ভাগ্য সদয় হয়৷ বিশেষকৈ দীপাৱলি অথৱা ধনতেৰাছত ঝাড়ু কিনিলে পৰিয়ালত সুখ সমৃদ্ধি আহিব বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে৷
আগন্তুক ৩১ অক্টোবৰত দীপাৱলি৷ ইয়াৰ পূৰ্বে ২৯ তাৰিখে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰাছ পালন কৰা হ’ব৷ ধনতেৰাছৰ দিনা লক্ষ্মী, ধন কুবেৰ আৰু ধন্বন্তৰী দেৱীক পূজা কৰাৰ ৰীতি প্ৰচলিত আছে৷ এইদিনটোত সোন, ৰূপসহ বিভিন্ন সামগ্ৰী ক্ৰয় কৰা হয়৷ হিন্দু ধৰ্মমতে এই দিনটোত ঝাড়ু ক্ৰয় কৰাও শুভ৷
বাস্তু অনুসৰি পুৰণি অথৱা ভঙা ঝাড়ু ব্যৱহাৰ কৰা উচিত নহয়৷ পুৰণি ঝাড়ু পেলাই দিয়াৰ পূৰ্বে অৱশ্যে নতুন ঝাড়ু ক্ৰয় কৰিব লাগে৷ কথিত আছে যে নতুন ঝাড়ু নিকিনাকৈ পুৰণি ঝাড়ু পেলাই দিলে মা লক্ষ্মী অসন্তুষ্ট হয়৷ ইয়াৰ সৈতে ধনতেৰাছৰ দৰে শুভ দিনত ঝাড়ু পেলাই দিয়া উচিত নহয়৷
ঘৰৰ ক’ত ক’ত ঝাড়ু ৰাখিব সেয়াও কিন্তু খুবেই গুৰুত্বপূৰ্ণ৷ বিশ্বাস কৰা হয় যে ঘৰৰ দক্ষিণ পশ্চিম দিশত মাটিত শুৱাইহে ঝাড়ু ৰাখিব লাগে৷ আৰু সেই ঝাড়ু যেন অনবৰতে চকুত পৰি নাথাকে৷ বাহিৰৰ পৰা ঝাড়ু দেখা যোৱাটো অশুভ৷ গৰৰ সদস্যৰ স্বাস্থ্যৰ সমস্যা হয়৷ ঘৰৰ উত্তৰ পূৰ্ব দিশটো ঝাড়ু থ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ