মানুহৰ সুস্বাস্থ্যৰ বাবে অপৰিহাৰ্য ভিটামিন-ডি৷ সূৰ্যৰ পোহৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছতেই চৰ্বিৰ মাধ্যমেৰে এই পুষ্টি উপাদান তৈয়াৰ হয়৷ সূৰ্যৰ পোহৰৰ ওপৰিও একাধিক খাদ্যত ভিটামিন ডি থাকে৷ হাড়ৰ স্বাস্থ্য বজাৰ ৰখাৰ পৰা আৰম্ভ কৰি মানসিক ৰোগ দূৰ কৰা, সামগ্ৰিক স্বাস্থ্য ভালে ৰখাৰ বাবে এয়া অত্যন্ত গুৰুত্বপূৰ্ণ৷ কিন্তু ভিটামিন ডিৰ ঘাটি বিশেষ ডাঙৰ সমস্যাও নহয়৷ ২০২৩ চনত এক গৱেষণাত দেখা গৈছে যে আমেৰিকাৰ ৩৫শতাংশ প্ৰাপ্তবয়স্ক মানুহৰ ভিটামিন ডিৰ ঘাটি আছে৷ ইয়াৰ ফলত কেইবাটাও সমস্যাই দেখা দিব পাৰে৷ যেনে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা, কৰ্কটৰ আশংকা আৰু লিভাৰ আৰু কিডনিৰ ৰোগ আদি৷
ভিটামিন ডিৰ মাত্ৰা কমি গলে অৱহেলা কৰা উচিত নহয়৷ প্ৰয়োজনত চিকিৎসকৰ সৈতে পৰামৰ্শ লৈ ঔষধ সেৱন কৰা বা খাদ্যভাষত পৰিবৰ্তন অনাটো দৰকাৰ৷ ভিটামিন ডি সমৃদ্ধ কিছু খাদ্য হৈছে-
কমলাৰ ৰস বা অৰেঞ্জ জুছ
ফাৰ্টিফায়েড খাদ্যত ভাল পৰিমাণৰ ভিটামিন ডি থাকে৷ ফাৰ্টিফায়েড খাদ্য হৈছে যিসমূহত অতিৰিক্ত পুষ্টি উপাদান মিহলোৱা থাকে, যিসমূহে শৰীৰত ঘাটি পূৰণ কৰিব পাৰে৷ ভিটামিন ডি পাবলৈ অৰেঞ্জ জুছৰ ওপৰতো ভৰসা ৰাখিব পাৰে৷
কড লিভাৰ অয়েল
ভিটামিন ডিৰ ঘাটি পূৰণৰ বাবে সকলোতকৈ জনপ্ৰিয় উৎস হৈছে কড লিভাৰ অয়েল৷
গাখীৰ
দৈ
ভিটামিন ডিৰ মাত্ৰা ঠিকে ৰখাৰ বাবে প্ৰতি দিনে দুপৰীয়া খোৱাৰ পাছত এবাটি দৈ খাব পাৰে৷ প্ৰোবায়টিক কেলছিয়ামেৰে ভৰপুৰ এই দুগ্ধজাত পণ্যৰ কোনো তুলনা নহয়৷
ছেমন মাছ
ছেমনৰ দৰে চৰ্বিযুক্ত মাছক ভিটামিন ডি সমৃদ্ধ খাদ্যৰ প্ৰধান উৎস হিচাপে তালিকাভুক্ত কৰিছে পুষ্টিবিদে৷ বজাৰত যদিও খুব সহজে ছেমন মাছ পোৱা নাযায়৷ কিন্তু পালেই আপুনি ক্ৰয় কৰি খাওক৷ ভিটামিন ডিৰ সমস্যা দূৰ হবই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ