অসম লাইভ ২৪ঃ সমাগত ইংৰাজী নৱবৰ্ষ৷ চৌদিশে নৱবৰ্ষক আদৰাৰৰ প্ৰস্তুতি৷ কিন্তু নতুন বছৰত সলনি হ’ব দৈনন্দিন জীৱন যাত্ৰাৰ বহুকেইটা নিয়ম৷ ১ জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰে সলনি কৰিছে GSTৰ কেতবোৰ নীতি নিয়ম৷ বৃদ্ধি পাব বহুকেইটা সামগ্ৰীৰ দাম৷ কাপোৰ, জোতা-চেণ্ডেল, ব্লেংকেট, টেবলক্ল’থকে ধৰি টেক্সটাইল সামগ্ৰীৰ দাম বৃদ্ধি পাব ১ জানুৱাৰীৰ পৰা৷ এইসমূহ সামগ্ৰীৰ ক্ষেত্ৰত ১২ শতাংশ GST বৃদ্ধি কৰিছে কেন্দ্ৰই৷ ১ হাজাৰ টকা পৰ্যন্ত অতিৰিক্ত বৃদ্ধি পাব পাদুকাৰ দাম৷ ইয়াৰ উপৰি অ’লা ওবেৰৰ দৰে কেব চাৰ্ভিছসমূহৰ ক্ষেত্ৰতো ৫ শতাংশ ভাৰা বৃদ্ধি হ’ব ১ জানুৱাৰীৰ পৰা৷ আনহাতে ফুড ডেলিভাৰী প্লেটফৰ্ম Swiggy আৰু Zomatoয়ে প্ৰতিটো ডেলিভাৰীৰ বাবদ ১ জানুৱাৰীৰ পৰা অতিৰিক্ত ৫ শতাংশ সংগ্ৰহ কৰিব৷ মুঠতে নতুন বছৰত চৰকাৰ সাজু হৈছে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত পুনৰ একপ্ৰকাৰ মাধমাৰ শোধাবলৈ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















