বগা চুলি মিনিটতে কৰক ক’লা, অতি সহজে ঘৰতে কৰক এই উপায়
আজিকালি কম বয়সতে চুলি বগা হোৱাৰ সমস্যা বাঢ়িছে। কিন্তু চুলিত ৰং কৰিবলৈ মানুহে বজাৰৰ পৰা ৰং কিনে বা পাৰ্লাৰৰ পৰা ৰং কৰে। কিন্তু এইবোৰ কথা দীৰ্ঘকালীনভাৱে ভাল নহয়। এনেবোৰ কথাই আপোনাৰ চুলিৰ শিপা দুৰ্বল কৰি পেলায়, যাৰ ফলত চুলি সৰা আৰু শুকান হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়।
যদি আপুনিও আপোনাৰ চুলি ক’লা কৰিব বিচাৰে তেন্তে এই ঘৰুৱা উপায় অনুসৰণ কৰক। এই ঔষধ ব্যৱহাৰ কৰি কেৱল মূৰৰ চুলিয়েই নহয় বগা হোৱা ভ্ৰূও ক’লা কৰিব পাৰে।
এই ৰেচিপিটোত ক’লা তিল আৰু কালজিৰাৰ গুটিৰ পেষ্ট তৈয়াৰ কৰা হৈছে, যিয়ে চুলি ক’লা কৰাই নহয়, চুলিক উপযুক্ত পুষ্টিও প্ৰদান কৰাৰ লগতে চুলিৰ বৃদ্ধিও ক্ষিপ্ৰ হ’ব। এই মিশ্ৰণ কেনেকৈ তৈয়াৰ কৰা হ’ব?
ইয়াক বনাবলৈ প্ৰয়োজনীয় উপাদান
কালজিৰাৰ গুটি ২ চামুচ
মেথি ১/২ চামুচ
ক’লা তিল ১ চামুচ
কেষ্টৰ অইল
এলোভেৰা জেল
কিদৰে ব্যৱহাৰ কৰিব-
স্তৰ ১
এইটো বনাবলৈ প্ৰথমে কালজিৰাৰ গুটি, মেথি গুটি আৰু ক’লা তিল পানীত ৰাতিটো তিয়াই ৰাখিব লাগিব। পানীৰ পৰিমাণ অধিক কৰি তিয়াই ৰাখিব লাগিব, কাৰণ এই গুটিবোৰ যিমানেই পানীত তিয়াই থব সিমানেই ৰাতিটোৰ ভিতৰতে ইয়াৰ আকাৰ বাঢ়িব। ৰাতিপুৱা চালে এই সকলোবোৰ গুটি ফুলি উঠিব।
স্তৰ-২
এতিয়া ৰাতিপুৱা এই গুটিবোৰ পানীৰ পৰা পৃথক কৰিব লাগিব। এতিয়া এই সকলোবোৰ গুটি টিছু পেপাৰ বা কাপোৰ এখনত ৰাখি মচি পেলাওক। এই গুটিবোৰ তিতি থাকিবলৈ দিব নালাগে। এই গুটিবোৰৰ আৰ্দ্ৰতা সম্পূৰ্ণৰূপে শুকুৱাই লোৱাৰ পিছত এতিয়া গ্ৰাইণ্ডাৰত পিহিব লাগিব।
স্তৰ-৩
এতিয়া এই শুকান মিশ্ৰণটোত ২ চামুচ এলোভেৰা জেল দি মিহলাই লওক। ইয়াৰ পিছত এই পেষ্টত ৪ৰ পৰা ৫ টোপাল কেষ্টৰ তেল দি মিহলাই লওক। চুলি ক’লা হোৱাৰ বাবে আপোনাৰ ঘৰুৱা ঔষধ সাজু হৈছে।
স্তৰ-৪
এই মসৃণ পেষ্টটো চুলি, আৰু ভ্ৰূত লগাই কমেও ৪০ মিনিট ৰাখিব লাগে। ইয়াৰ পিছত চুলিখিনি পাতল চেম্পুৰে ধুব। আপুনি দেখিব যে প্ৰথম পাকতে চুলিবোৰ বহু পৰিমাণে ক’লা হৈ পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ