কোনে কোনে লাভ কৰে দেশৰ ভিতৰত অধিক দৰমহা, ৫ নম্বৰতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দেশৰ ভিতৰত সবাতোকৈ অধিক দৰমহা লাভ কৰা ব্যক্তিগৰাকী কোন তথা ভাৰত চৰকাৰে কাক সৰ্বাধিক দৰমহা দিয়ে? জানেনে ! এই তালিকাৰ ৫ নম্বৰতহে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
ভাৰত চৰকাৰে কোনজন ব্যক্তিক সৰ্বাধিক দৰমহা দিয়ে , তেওঁ কি পদত আছে আৰু কিমান দৰমহা লয়? এই প্ৰশ্ন উত্থাপন হলে পোনেই মনলৈ আছে ৰাষ্ট্ৰপতিৰ নাম। পাছে ৰাষ্ট্ৰপতিৰ পাছত কোন কোন!
ভাৰত চৰকাৰে সৰ্বাধিক দৰমহা ৰাষ্ট্ৰপতিক দিয়ে। ৰাষ্ট্ৰপতিয়ে প্ৰতিমাহে ৫ লাখ টকাৰ দৰমহা পায়। ইয়াৰ উপৰিও সকলো ধৰণৰ ভাট্টা, চৰকাৰী বাসস্থান হিচাপে ৰাষ্ট্ৰপতি ভৱন, চৰকাৰী বাহন, ২৪ ঘণ্টীয়া নিৰাপত্তাৰক্ষী আৰু বিশাল কৰ্মচাৰীৰ ব্যৱস্থা আছে।
দৰমহাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে উপ-ৰাষ্ট্ৰপতি। তেওঁ মাহে ৪ লাখ টকাৰ দৰমহা পায়। ইয়াৰ উপৰিও বহু ধৰণৰ ভাট্টা, বিশাল বাংলো, বিলাসী গাড়ী, ২৪ ঘণ্টীয়া নিৰাপত্তাৰক্ষী, চিকিৎসাৰ সুবিধা আদিও উপলব্ধ।
তিনি নম্বৰত আহে ৰাজ্যপাল। ভাৰত চৰকাৰে ৰাজ্যপালক মাহিলী ৩ লাখ ৫০ হাজাৰ টকাৰ দৰমহা দিয়ে। এইবোৰৰ বাহিৰেও প্ৰতিখন ৰাজ্যতে ৰাজ্যপালৰ বাবে বিলাসী বাংলো, নিৰাপত্তাৰক্ষী, লগতে অন্যান্য সা-সুবিধাও উপলব্ধ।
চাৰি নম্বৰত আছে ভাৰতৰ মুখ্য ন্যায়াধীশ। মাহে ২ লাখ ৮০ হাজাৰ টকাৰ দৰমহা পায়। ইয়াৰ উপৰিও ৰাজধানী দিল্লীত বাংলো, ২৪ ঘণ্টীয়া নিৰাপত্তাৰক্ষী, গাড়ীৰ দৰে সুবিধাৰ ব্যৱস্থা কৰা হৈছে।
দৰমহাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী পঞ্চম স্থানত আছে। প্ৰতিমাহে ১.৬৬ লাখ টকা দৰমহা পায় প্ৰধানমন্ত্ৰীয়ে। য’ত বিভিন্ন ধৰণৰ ভাট্টাও অন্তৰ্ভুক্ত কৰা আছে। চৰকাৰী থকাৰ ব্যৱস্থাৰ উপৰিও তেওঁলোকক এছ পি জি নিৰাপত্তা, বিশেষ জাহাজ, বুলেট প্ৰুফ বাহন আৰু সকলো ধৰণৰ সা-সুবিধাও প্ৰদান কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ