অসম লাইভ ২৪ঃ বিশ্বৰ ধনাঢ্য দম্পতী বিল গেটচ আৰু মেলিণ্ডা গেটচৰ বিবাহ বিচ্ছেদৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল অনুৰাগীৰ মনত। ২৭ বছৰীয়া বৈবাহিক জীৱনৰ ওৰ পেলাই ৩ মে’ত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে বিল গেটচ আৰু মেলিণ্ডা গেটচে। কিন্তু শেহতীয়াকৈ চৰ্চালৈ আহিছে অন্য এগৰাকী নাৰীৰ নাম। ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে বিল গেটচৰ প্ৰাক্তন প্ৰেমিকা এন উইনব্লেডে। প্ৰকাশ পোৱা মতে, পত্নী মেলিণ্ডাৰ অনুমতি সাপেক্ষে বিল গেটচে প্ৰাক্তন প্ৰেয়সী এন উইনব্লেডক বছৰত এবাৰকৈ লগ কৰে। বিল গেটচতকৈ বয়সত ৫ বছৰ ডাঙৰ এন উইনব্লেড। এন উইনব্লেড এগৰাকী ছফটৱেৰ উদ্যোগী। তেওঁৰ অনুমতি লৈয়ে মেলিণ্ডাৰ সৈতে বিয়াত বহিছিল বিল গেটচ। টাইম মেগাজিনৰ এটা সাক্ষাৎকাৰত বিল গেটচে প্ৰকাশ কৰিছে এই কথা। দুয়োগৰাকীৰে ব্যক্তিগত সম্পৰ্কৰ বিষয়েও উল্লেখ কৰিছে সাক্ষাৎকাৰত। বিল গেটচৰ মতে, দুয়ো সাগৰৰ তীৰৰ কুটীৰত লগ হৈ ভাৱৰ আদান-প্ৰদান কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ