গুৱাহাটীৰ বিলাস ইন হোটেলত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত প্ৰাণ হেৰুৱাইছে হোটেলখনৰ স্বত্বাধিকাৰী হেলানা ভৰালীসহ ৪ গৰাকী লোকে। একেটা পৰিয়ালৰ কেইবাগৰাকীও সদস্যৰ মৃত্যুৰ ঘটনাই শোকস্তব্ধ কৰি তুলিছে পৰিয়ালটোৰ আত্মীয়-স্বজন আৰু চিনাকি লোকসকলক।
কিন্তু কোন আছিল হেলানা ভৰালী? কি আছিল তেওঁৰ পৰিচয়? কেনেকৈ জড়িত হৈ পৰিছিল তেওঁ গুৱাহাটীৰ বিলাস ইন হোটেলৰ সৈতে? এই প্ৰশ্নবোৰে এতিয়া বহুতৰে মনত কৌতূহলৰ সৃষ্টি কৰিছে।
হেলানা ভৰালী গুৱাহাটীৰ বিলাস ইন হোটেলৰ স্বত্বাধিকাৰী আছিল। গুৱাহাটীৰ বৰা চাৰ্ভিচ অঞ্চলত অৱস্থিত হোটেলখন তেওঁৰ পৰিয়ালৰ সৈতে জড়িত আছিল। প্ৰকাশিত সংবাদ প্ৰতিবেদন অনুসৰি, প্ৰায় এবছৰ পূৰ্বে হোটেলখন আন এগৰাকী ব্যক্তিক লীজত দিয়া হৈছিল। পৰৱৰ্তী সময়ত হোটেলখনৰ লীজ চুক্তিক কেন্দ্ৰ কৰি স্বত্বাধিকাৰী পক্ষ আৰু লীজ গ্ৰহণ কৰা পক্ষৰ মাজত বিবাদৰ সৃষ্টি হোৱা বুলি আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত সন্দেহ প্ৰকাশ কৰা হৈছে।
কেৱল হেলেনা ভৰালীৰ নামতে নাছিল হোটেল বিলাস ইনৰ সম্পত্তি। উদয় ভৰালী, হেলেনা ভৰালী, দিলীপ ভৰালীৰ নামত ভাগ-বতৰা কৰা আছিল সম্পত্তি।
হেলেনা প্ৰকৃত অৰ্থতে এগৰাকী উদ্যোগী অসমীয়া মহিলা আছিল। বৰপেটাৰ ইছাপুৰহাটীৰ জীয়ৰী, সুপৰিচিত আৰু ঐশ্বৰ্যশালী ব্যৱসায়ী বিলাস ভৰালীৰ কন্যা হেলেনা। গাড়ীৰ ব্যৱসায়ৰে ধনী হৈ পৰা বিলাস ভৰালীৰ চিনেমাৰ প্ৰতি আছিল বিৰাট ৰাপ। চিনেমাৰ প্ৰতি থকা ৰাপৰ বাবেই বিখ্যাত নৃত্যপটিয়সী হেলেনৰ নামেৰে বিলাস ভৰালীয়ে কন্যাৰ নাম ৰাখিছিল হেলেনা। পুত্ৰ দেৱর্ষিৰ জন্মৰ পিছত গুৱাহাটীলৈ অহা হেলেনা থাকিব লৈছিল হোটেল বিলাসৰ পিছফালৰ কোঠাত। পৰবৰ্তী সময়ত পিতৃয়ে জোনালীত থকা মাটিত তিনি মহলীয়া ঘৰ এটা সাজি দিছিল হেলেনাক। তাতে তেওঁ আৰম্ভ কৰিছিল ভাৰাঘৰৰ ব্যৱসায়। পিছলৈ এই ব্যৱসায় সলনি কৰি গঢ়ি তোলে গাৰ্লছ হোষ্টেলৰ ব্যৱসায়। গাৰ্লছ হোষ্টেলখনত প্ৰথমে মাত্ৰ ৮টা ছিটৰহে ব্যৱস্থা আছিল যদিও পৰবৰ্তী সময়ত এই হোষ্টেল খনক”দেবাৰ্ষিনা” নাম দি ৬০ জনীয়া চিটলৈ সম্প্ৰসাৰণ কৰে। হোষ্টেলৰ কাম-কাজত নিজেই কেতিয়াবা ৱাৰ্ডেন, কেতিয়াবা চকীদাৰ আৰু কেতিয়াবা ৰান্ধনিৰ ভূমিকা পালন কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল হেলেনাই। হেলেনাৰ এনে প্ৰচেষ্টাত কম সময়ৰ ভিতৰতে সাফল্য আহিছিল আৰু পিছলৈ তেওঁ এটা বয়জ হোষ্টেলো খুলিবলৈ সক্ষম হৈছিল।
তেওঁৰ দ্বাৰা স্থাপিত আন এটা প্ৰতিষ্ঠান হৈছে ‘হেলেনাজ কাৰিকৰী উদ্যোগ’। এই উদ্যোগৰ যোগেদি তেওঁ বিভিন্ন জিলাত থকা নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে ইউনিফৰ্ম যোগান ধৰিছিল। তদুপৰি তেওঁ নিজেই এখন বুটিক আৰম্ভ কৰিছিল। বুটিকখন কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল যদিও প্ৰয়োজনীয় সময় দিব নোৱাৰাৰ বাবে এদিন সেইখন আনৰ হাতত অৰ্পণ কৰিবলগীয়া হয়। অৱশ্যে কেতিয়াও হাৰ মানিব নোখোজা এইগৰাকী প্ৰবল আত্মবিশ্বাসী অসমীয়া মহিলাই আজিৰ পৰা সম্পূৰ্ণ ৬ বছৰ পূৰ্বে মহানগৰীৰ জু-ৰোডত “মুগা” নামৰ আন এখন ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ সক্ষম হয়। হেলেনাৰ এগৰাকী ভাতৃ দিলীপ ভৰালীৰ এতিয়াও চিনেমা হলৰ ব্যৱসায় আছে। বৰপেটা ৰোডত থকা “দিলীপ” চিনেমা হলটোৱেই হেলেনা ভৰালীৰ ভাতৃৰ। সদায় ব্যৱসায়ক লৈ সপোন দেখা এইগৰাকী অসমীয়া ব্যৱসায়ী মহিলাক, ব্যৱসায়িক সংঘাতৰ ফলতেই পিতৃৰ নামত থকা হোটেল বিলাস ইনত পুত্র দেৱর্ষিসহ গুলীয়াই হত্যা কৰে ঘনকান্ত গগৈ নামৰ অপৰাধীজনে। আৰক্ষীয়ে ইতিমধ্যে ঘনকান্ত গগৈক আটক কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত .32 পিষ্টলটো জব্দ কৰিছে।
(সামাজিক মাধ্যমৰ পৰা এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















