এক ৰহস্যজনক তথা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ এটা কুঁৱাৰ পৰা তিনিগৰাকী ভগ্নী আৰু তেওঁলোকৰ সন্তানৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ৰাজস্থানত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে৷
কালু, কমলেশ আৰু মমতা মীনা নামৰ তিনিওগৰাকী ভগ্নীয়ে আত্মহত্যাৰ পূৰ্বে স্বামীগৃহক দোষাৰূপ কৰি এটা টোকা লিখি থৈ গৈছে৷
তেওঁলোকে দাবী কৰা মতে স্বামীগৃহৰ পৰা বৃহৎ পৰিমাণৰ যৌতক বিচাৰি তেওঁলোকক অকথ্য নিৰ্যাতন চলোৱা হৈছিল৷
লগতে পঢ়ক আপুনিও বিচাৰে নেকি সাক্ষাৎ? একেলগে দিল্লীতে পাব মিয়া খলিফা আৰু ছানী লিয়নৰ সাক্ষাৎ!
শোকত ভাগি পৰা তিনি ভগ্নীৰ আত্মীয়ই জনোৱা মতে, ভগ্নী তিনিওগৰাকী একেখন ঘৰৰে তিনি ভাতৃলৈ বিয়া হৈছিল আৰু স্বামীগৃহত তিনিওগৰাকী ভগ্নীক যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহা হৈছিল৷
উল্লেখ্য যে যোৱা মাহত জয়পুৰৰ উপকণ্ঠ অঞ্চলৰ এখন গাঁৱৰ স্বামী গৃহৰ সমীপৰ এটা কুঁৱাত তিনিওৰে লগতে কালু নামৰ মহিলাগৰাকীৰ সন্তানক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷ আনহাতে মৃত দুই ভগ্নী কমলেশ আৰু মমতা দুয়োগৰাকীয়ে গৰ্ভৱতী আছিল।
‘‘আমি মৰিব নিবিচাৰো, কিন্তু তেওঁলোকৰ নিৰ্যাতনতকৈ মৃত্যুৱেই ভাল।’-এগৰাকী ভগ্নীয়ে নিৰুদ্দেশ হোৱাৰ পিছত পোৱা এটা হোৱাটছএপত এটা মেছেজত এইদৰে লিখা আছিল।
লগতে পঢ়ক ক্লাছত হিজাব পৰিধানৰ দাবী, পুনৰ ২৩ ছাত্ৰীক কলেজৰ পৰা নিলম্বন
‘‘আমাৰ মৃত্যুৰ আঁৰৰ কাৰণ আমাৰ শহুৰ। আমি একেলগে মৰিছো কাৰণ প্ৰতিদিনে মৃত্যু হোৱাতকৈ এয়াই ভাল।’’ মেচেজটোত আৰু এইদৰে কোৱা হৈছে৷
ইফালে মহিলাকেইগৰাকীৰ পিতৃ পৰিয়ালে দাবী কৰিছে যে ইতিমধ্যে স্বামীগৃহক ৫ লাখ টকা দিয়াৰ উপৰিও যৌতুকৰ নামত বিচনা, ফ্ৰীজ, টিভিকে আদি কৰি বহু সম্পত্তিও প্ৰদান কৰিছিল৷
আনহাতে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো আত্মহত্যাই বুলি সন্দেহ ব্যক্ত কৰিলেও যৌতুক দাবী আৰু শাৰীৰিক অত্যাচাৰ তথা নিৰ্যাতন কৰাৰ অভিযোগত ইতিমধ্যে তিনিওগৰাকী মহিলাৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















