কেজৰিৱালক কিয় গ্ৰেপ্তাৰ কৰিলে ED-এ, কি ভুল আছিল
সমুখত সমগ্ৰ দেশতে বিধানসভা নিৰ্বাচন। সকলো দল ব্যস্ত প্ৰচাৰ অভিযানত। পাছে তাৰে মাজতে বিৰোধী দল সমুহৰ ভিতৰত অন্যতম আম আদমী পাৰ্টীৰ প্ৰতিষ্ঠাপক অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে তোলপাৰ লগাইছে সমগ্ৰ দেশ।
দেশৰ প্ৰতিখন ৰাজ্যতে আপৰ সদস্যৰ প্ৰতিবাদ, অসমতো ঠাইয়ে ঠাইয়ে উত্তাল প্ৰতিবাদ। প্ৰতিবাদ কৰি জেললৈয়ো গ’ল বহু কেইজন লোক। দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰলীনাকো প্ৰতিবাদ কৰাৰ বাবে আটক কৰে দিল্লী আৰক্ষীয়ে।
আনহাতে আজি বহু সময় ধৰি জেৰা চলোৱা হয় অৰবিন্দ কেজৰিৱালক। জেৰাৰ পাছতে এনফোৰ্চমেন্ট ডিপাৰ্টমেন্টে( ED) ১০ দিনৰ জিম্মালৈ নিয়ে কেজৰিৱালক।
আনহাতে আটক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কেজৰিৱালে দিলে মন্তব্য- মোৰ জীৱন দেশৰ বাবে সমৰ্পিত।
উল্লেখ্য যে, বৃহস্পতিবাৰ ২১ মাৰ্চ তাৰিখে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল এনফোৰ্চমেন্ট ডিপাৰ্টমেন্টে( ED)। মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰত উপস্থিত হৈছিল প্ৰায় ৬ৰ পৰা ৮জন ED বিষয়া। নিশা ৯ বাজি ১০ মিনিটত ২ ঘণ্টা ধৰি কৰা সোধপোচ আৰু তালাচীৰ পাছত বাসগৃহৰ পৰাই EDএ গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।
দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰী কেজৰিৱালক। ১০০ কোটি টকাৰ লেনদেন, ৪৫ কোটি টকা হৱালাৰ জৰিয়েতে গোৱালৈ প্ৰেৰণ আদি কথাৰ বাবে দোষী সাব্যস্ত হৈছিল কেজৰিৱাল।
দেশৰ ৰাজধানী দিল্লীৰ সুৰা নীতি ২০২১ সলাইছিল কেজৰিৱালে। যি নীতি আৰম্ভণিৰে পৰা বিবাদৰ মাজত আছিল। পাছলৈ দিল্লীৰ তৎকালীন মুখ্য সচীব এ জি চাক্সেনাক ৰিপোৰ্ট দাখিল কৰে। যি ৰিপোৰ্টতে এই সুৰা নীতিৰ ভুলৰ বিষয়ে অভিযোগ উত্থাপন কৰিছিল।
সেই অভিযোগৰ গোচৰতেই চি বি আইয়ে কেচ দাখিল কৰিছিল। ধনৰ সৰবৰাহৰ বাবে তালাচীৰ বাবে ইডিয়ে গোচৰ ৰুজু কৰিছিল। এই গোচৰত আটক হোৱা কেজৰিৱাল চতুৰ্থগৰাকী নেতা।
ইয়াৰ পূৰ্বে প্ৰথমে মনীশ শিশোদিয়া, দ্বিতীয়তে সঞ্জয় সিং আৰু এইবাৰৰ কেজৰিৱালৰ গোচৰ ৰাজসাক্ষী হব লগা কে কবিতা তৃতীয়গৰাকী আছিল যি এই সুৰা নীতিৰ বাবে আটক হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ